danewsplus.com
danewsplus.com

T-20, এদিনীয়াৰ পিছত টেষ্ট দলৰ অধিনায়কৰ দায়িত্বত হিট মেন ৰোহিত শৰ্মা

0 825

ডিজিটেল ডেস্কঃ টি-২০ আৰু এদিনীয়াৰ পিছত প্ৰত্যাশিতভাৱেই টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হ’ল ৰোহিত শৰ্মাক৷ শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাত ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব পালন কৰিব ৰোহিত শৰ্মাই৷ তাৰকা পেচ বলাৰ যশপ্ৰীত বুমৰাহ হ’ব সহ অধিনায়ক৷ দুৰ্বলফৰ্মত থকা নিৰ্ভৰযোগ্য বেটাৰ চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেক শৃংখলাৰ পৰা অব্যাহতি৷ ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচনী সমিতিৰ অধ্যক্ষ চেতন শৰ্মাই ঘোষণা কৰিলে নতুন অধিনায়কৰ নাম৷ উল্লেখ্য যে জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজয়ৰ পিছতেই অধিনায়কৰ দায়িত্ব এৰিছিল বিৰাট কোহলীয়ে৷

Leave A Reply

Your email address will not be published.