danewsplus.com
danewsplus.com

কেনে অৱস্থাত আছে কটন বিশ্ববিদ্যালয়ৰ ‘হেৰিটেজ’ বিল্ডিং?

0 151

ডিডিটেল ডেস্কঃ ১৯০১ চনত প্ৰতিষ্ঠা হোৱা কটন মহাবিদ্যালয়ৰ তেতিয়াৰ কেইবাজনো অধ্যক্ষই বাস কৰিছিল এক বিশেষ ঘৰত৷ এটা সময়ত ৰাজ্যৰ বৌদ্ধিক মহলৰ প্ৰাণকেন্দ্ৰ আছিল ঘৰটো। ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল ‘হেৰিটেজ বিল্ডিং’ হিচাপে। পথাচাৰিৰ বাবেও বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু আছিল এই বিশেষ বাসগৃহ৷ বহুকেইজন বৰেণ্য ব্যক্তিৰ সঘন আহযাহ আছিল এইবাসভৱনটোলৈ৷ কিন্তু এসময়ৰ বিখ্যাত ঘৰটো এতিয়া চাৰিওফালে ঘন জংঘলেৰে আৱৰি ধৰিছে। প্ৰতিটো কোঠালিত ধ্বংসস্তুপৰ বাহিৰে আন একো বিচাৰি উলিয়াব নোৱাৰে আপুনি৷ ঘৰটোৰ সন্মুখত এসময়ত এখন ডাঙৰ ল’ন আছিল । এতিয়া ঘন জংঘলৰ লগত বহু আপত্তিজনক সামগ্ৰিৰে ভৰি পৰিছে৷ কাষতে আছে তাহানিৰ এইটো গ্যেৰেজ৷ সম্ভৱতঃ এতিয়াও জহিখহি যোৱা অৱস্থাত আছে তেতিয়াৰ অধ্যক্ষই ব্যৱহাৰ কৰা এখন এম্বেচাদৰ গাড়ী৷ অধ্যক্ষৰ শুৱনি কোঠাটোৰ এচুকত এতিয়াও অক্ষত অৱস্থাত অধ্যক্ষৰ চাহাবী কোট থোৱা এডাল বিশেষ হেঙাৰ৷ শতবছৰ গৰকিলেও কোঠাটোৰ প্ৰতিটো আচবাব সম্পূৰ্ণ অক্ষত৷

বিভাগীয় কৰ্তৃপক্ষৰ হেমাহীত ছেদেলীভেদেলি হৈ পৰি ৰৈছে কোঠাটোৰ মজিয়াত৷ বেৰসমূহো সম্পূৰ্ণ ভাঙিছিঙি গৈছে৷ ঘৰটোলৈ সমাই অহা পথছোৱা এতিয়া টিনৰ বেৰাৰে বন্ধ কৰি দিয়া হৈছে৷ এতিয়া প্ৰশ্ন হয়, কেৱল হেৰিটেজ বিল্ডিং ঘোষনাতেই সিমাবদ্ধ থাকিল নেকি ঐতিহ্যমণ্ডিত কটন কলেজৰ শতায়ু গৰকা অধ্যক্ষৰ বাসভৱন৷ এই ঐতিহ্যমণ্ডিত ভৱনটো অত্যাধুনিক প্ৰযুক্তিৰে সংৰক্ষণৰ বাবে কেতিয়াকৈ চৰকাৰে ল’ব বাস্তৱ পদক্ষেপ? ই এতিয়া ডাঙৰ প্ৰশ্ন৷এটা সময়ত ৰাজ্যৰ বৌদ্ধিক মহলৰ প্ৰাণকেন্দ্ৰ আছিল ঘৰটো
ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল ‘হেৰিটেজ বিল্ডিং’ হিচাপে

Leave A Reply

Your email address will not be published.