danewsplus.com
danewsplus.com

মুখ্যমন্ত্ৰীৰ উপস্থিতিত মাজুলী উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল বিজেপিৰ প্ৰাৰ্থী ভুৱন গামৰ

0 311


ডিজিটেল ডেস্কঃ মাজুলীৰ উপ-নিৰ্বাচনৰ কাৰণে বুধবাৰে মনোনয়ন দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী ভুবন গামে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাজনো মন্ত্ৰী-বিধায়কক লগত লৈ সদলবলে মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থীজনে৷ অৱশ্যে মনোনয়ন পত্ৰ দাখিলৰ পৰ্বত উপস্থিত নাথাকিল কেন্দ্ৰীয় মন্ত্ৰী, মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল৷নিৰ্বাচনী সভাত অংশ লৈ বিজেপিৰ প্ৰাৰ্থী ভুৱন গামে ক’লে-
‘ৰাইজৰ আশীৰ্বাদত মাজুলীত জয়ী হ’বলৈ সক্ষম হ’ম’
‘ৰাইজৰ আশীৰ্বাদ শিৰত লৈ মাজুলীবাসীক সেৱা আগবঢ়াম’

মুঠতে ভুৱন গামৰ মনোনয়ন পত্ৰ দাখিলৰ দিনটোত উদুলি-মুদুলি হৈ পৰিল মাজুলীৰ দৃশ্য৷ মনোনয়ন পত্ৰ দাখিল পৰ্বত অংশ লৈ গীত-নৃত্যত ব্যস্ত হৈ পৰিল শক্তি মন্ত্ৰী বিমল বৰা৷ মুখ্যমন্ত্ৰীৰ উপৰিও ভুৱন গামক সংগ দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাকে ধৰি বহুকেইজন ৰাজনৈতিক নেতাই৷

Leave A Reply

Your email address will not be published.