danewsplus.com
danewsplus.com

আন এক অভিলেখৰ দিশে এলভিছ আলী হাজৰিকা

0 154

ডিজিটেল ডেস্কঃ আন এক অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকা৷ অভিলেখসংখ্যক ১৬৮ কিলোমিটাৰ সন্তৰণবিদ এলভিছ আলী হাজৰিকাই মুম্বাইৰ আৰৱ সাগৰত ৮ মাৰ্চৰ পৰা আৰম্ভ কৰিব সাঁতোৰ৷ তিনিদিন পানীতে কটাব এলভিছ আলী হাজৰিকাই৷ এই সাঁতোৰৰ সামৰণি পৰিব ১০ মাৰ্চত৷

এই সাঁতোৰৰ নাম দিয়া হৈছে ‘ইন্দো-আৰৱীয়ান-গেইটৱে ছুইম’৷ সাগৰ আৰু নদীৰ পানী প্ৰদূষণ ৰোধৰ বাবে সজাগতাৰ সৃষ্টিৰ লক্ষ্যৰে সাঁতুৰিব এলভিছ আলীৰ লগতে সতীৰ্থই৷ ৰিলে হিচাপত সাঁতুৰিব এলভিছ আলী আৰু তেওঁৰ সতীৰ্থই৷ প্ৰতিজন সাঁতোৰবিদকে নিৰ্দিষ্ট সময় আৰু দূৰত্ব বান্ধি দিয়া হ’ব৷

ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ বেনাৰত আয়োজিত সাঁতোৰতো ভাগ ল’ব এলভিছ আলী হাজৰিকাই৷ আজি ৰাধা গোৱিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ অসম অলিম্পিক সন্থাৰ সভাকক্ষত সংবাদমেল যোগে জনালে এই কথা৷

Leave A Reply

Your email address will not be published.