danewsplus.com
danewsplus.com

কিয় ইমান খং উঠিছে জুবিন গাৰ্গৰ?

0 116

ডিজিটেল ডেস্কঃ মঞ্চত আৰু নেদেখিব জুবিন গাৰ্গক। বিহুত অনুষ্ঠান পৰিবেশন নকৰে জুবিন গাৰ্গে। জুবিন গাৰ্গে কৰা এই মন্তব্যৰ পিছতে ৰাজনৈতিক মহলটো চলিছে চৰ্চা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সোমাবাৰে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিছিল ১০ বছৰ পুৰণি বিহু কমিতিক চৰকাৰৰ তৰফৰ পৰা বিহু পাতিবলৈ বৰঙণি দিয়া হব ১ লাখ ৫০ হাজাৰ টকা।

কিন্তু, ইয়াকে লৈ এতিয়া বিৰোধীৰ মাজতো চলিছে চৰ্চা। AIUDF ৰ বিধায়ক ৰফিকুল ইছলামে কয় ‘বিজেপি দল, বিজেপি দলৰ নেতা চান্দা তোলাত পাৰ্গত’ ‘এই দলৰ নেতাই চান্দাৰ বিৰুদ্ধে কথা কলে সন্দেহ হয়’।

কেৱল AIUDF ৰ বিধায়কে নহয় চান্দাক লয় সৰৱ হল AJP ৰ সভাপতি লুৰীন জ্যোতি গগৈও। লুৰীনৰ মতে,
‘বিহু কমিতিক হিতাধিকাৰীলৈ পৰিণত নকৰিব লগতে বিহু তলিক ৰাজনীতিৰ আখৰা থলী নকৰিবলৈও সকীয়নী লুৰীণৰ’।

এই সকল নেতাৰ চান্দাক লৈ কৰা প্ৰতিক্ৰিয়াৰ বিপৰীতে বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই কৰিলে আন এক মন্তব্য। জুবিন গাৰ্গে বিহু পৰিবেশন নকৰাক লৈও মন্তব্য কৰিলে বিজেপি বিধায়কগৰাকীয়ে। জয়ন্ত মল্ল বৰুৱাৰ মতে,’ চান্দা সাংস্কৃতিকলৈ অপপ্ৰচাৰ চলিছে ৰাজ্যত। মুখ্যমন্ত্ৰী য়ে বলপূৰ্বক চান্দা উঠোৱাৰ হে বিৰোধিতা কৰিছে’। আনহাতে, জুবিন প্ৰসংগত জয়ন্ত মল্ল বৰুৱাই কলে যে, ‘সমগ্ৰ বিষয়টো জুবিনৰ হয়তো বুজাত অসুবিধা হৈছে’।
সেয়া যিয়ে নহওঁক কিয় বিহুৰ চান্দা তোলাক লৈ এতিয়া চৰ্চা চলি আছে ৰাজ্যৰ ৰাজনৈতিক মহলটো।

Leave A Reply

Your email address will not be published.