danewsplus.com
danewsplus.com

লতাজীৰ শ্ৰূদ্ধাঞ্জলী! চৰ্চিত হৈ পৰিছে কিং খানৰ এখন ফটো

0 249

ডিজিটেল ডেস্কঃ দেওবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত সংগীত সৰস্বতী লতা মংগেশকাৰৰ শেষকৃত্য সম্পন্ন কৰে। অন্তিম বিদ্যায় ক্ষণত সুৰৰ সম্ৰাজ্ঞীক বলীউডৰ বহু লোকে শ্ৰূদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰূদ্ধাঞ্জলি অনুষ্ঠানত বলীউডৰ কিং খান খ্যাত শ্বাহৰুখ খানো উপস্থিত থাকে।

বাদশ্বাহ শ্বাহৰুখৰ এখন ফটো এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে চৰ্চিত হৈ পৰিছে। ভাইৰেল ফটো খনত কিং খানে নিজা পৰম্পৰা আৰু বিশ্বাসেৰে প্ৰাৰ্থনা জনাইছে। শ্বাহৰুখৰ এই কাৰ্যই কোটি কোটি ভাৰতীয়ৰ হৃদয় জয় কৰিছে। সামাজিক মাধ্যমত অনুৰাগী সকলে বিভিন্ন কেপছনৰ সৈতে ফটোখন শ্বেয়াৰ কৰি গৰ্ব কৰিছে। কিং খানৰ এই কাৰ্যই ভাৰতবৰ্ষ যে ধৰ্ম নিৰপেক্ষ দেশ তাকে সুঁৱৰাই দিলে।

Leave A Reply

Your email address will not be published.