danewsplus.com
danewsplus.com

পঞ্চমবাৰলৈ ভাৰতৰ দখলত ICC U-19 ৱৰ্ল্ড কাপ

0 125

ডিজিটেল ডেস্কঃ পঞ্চমবাৰৰ বাবে ভাৰতৰ দখলত ১৯ অনূৰ্ধ্ব বিশ্বকাপৰ খিতাপ৷ অভিলেখ সৃষ্টি কৰি ৱেষ্ট ইণ্ডিজৰ এণ্টিগাত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি ভাৰতে দখল কৰিলে এই বিশ্বকাপৰ খিতাপ৷ এই বিশ্বকাপত এখনো মেচত পৰাস্ত নোহোৱাকৈ ভাৰতে দখল কৰিলে চূড়ান্ত খিতাপ৷ ২৪ বছৰৰ মূৰত খিতাপ দখলৰ সপোন সপোন হৈয়েই ৰ’ল ইংলেণ্ডৰ বাবে৷

প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৪৪ অভাৰ ৫টা বলত সংগ্ৰহ কৰে ১৮৯ ৰান৷ জেইমছ ৰিউৱে সংগ্ৰহ কৰে সৰ্বাধিক ৯৫ ৰান৷ প্ৰত্যুত্তৰত ভাৰতে সহঃঅধিনায়ক শ্বেইক ৰশ্বিদ আৰু নিশান্ত সিন্ধুৰ অৰ্ধশতকৰ সহায়ত ৪৭ অভাৰ ৪টা বলত ৬ উইকেটত ১৯৫ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে মেচখনত৷ ৯ অভাৰ ৫টা বলত ৩১ ৰান দি পাঁচটা উইকেট দখল কৰাৰ লগতে ৩৫ ৰান সংগ্ৰহ কৰা ভাৰতৰ ৰাজ বাৱাই লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ।

Leave A Reply

Your email address will not be published.