danewsplus.com
danewsplus.com

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে ভাৰতৰ নাইটিংগেল খ্যাত লতা মংগেশকাৰৰ

0 160

ডিজিটেল ডেস্কঃ ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কালজয়ী গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে৷ বৰ্তমান কোকিলকণ্ঠী গায়িকাগৰাকীক মুম্বাইৰ ব্ৰিচ কেণ্ডী হাস্পতালৰ ICUৰ ভেণ্টিলেটৰত ৰখা হৈছে৷ ক’ভিড পজিটিভ হোৱাৰ পিছত ৯ জানুৱাৰীত হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল লতা মংগেশকাৰক৷ বিশেষজ্ঞ চিকিৎসকে এতিয়া অহৰহ চকু ৰাখিছে মংগেশকাৰৰ ওপৰত৷ নিশা কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেল, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পত্নী, মুম্বাইৰ বিজেপিৰ সভাপতি আদিৰ লগতে ভগ্নী ঊষা মংগেশকাৰ আৰু আশা ভোশলেই স্বাস্থ্যৰ বুজ লয় লতা মংগেশকাৰৰ৷

Leave A Reply

Your email address will not be published.