danewsplus.com
danewsplus.com

ভাৰতীয় প্ৰৱঞ্চকৰ কৱলত আমেৰিকা ,ফোনকলেৰে সৰকালে কোটি কোটি টকা

0 316

ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰৱঞ্চকৰ কৱলত আমেৰিকান
ফোনকলেৰে সৰকালে কোটি কোটি টকা
ভয় আৰু ভাবুকিৰে আমেৰিকানক লুট

আপুনি শুনিলে বা দেখিলে আচৰিত হ’ব ৷ আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা আৰু তথ্য প্ৰযুক্তিবিদ্যাৰে শীৰ্ষ স্থানত থকা আমেৰিকাৰ ভাৰতীয় প্ৰৱঞ্চকে লুটিলে লাখে লাখে ডলাৰ ৷
দুবছৰ ধৰি লুটিলে এই বিশাল ধনৰাশি
ধনলুটৰ মাধ্যম ভুৱা কলচেণ্টাৰ

এটা ভুৱা কলচেণ্টাৰ খুলি মহাৰাষ্ট্ৰৰ নালাচোৰৰ প্ৰৱঞ্চক সাগৰ ঠাক্কৰ ওৰফে সাগীৰে আমেৰিকান ব্যৱসায়ীৰ পৰা লুটিলে ৫০০ কোটিৰো অধিক ধন ৷ অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা সাগৰ কৰ্মৰত আছিল এটা কলচেণ্টাৰত ৷ পিছত বিভিন্ন ৰাজ্যত নিজেই আৰম্ভ কৰিছিল ভুৱা কলচেণ্টাৰ ৷ সেই ভুৱা কলচেণ্টাৰ সমূহৰ পৰাই সাগৰে মেলিছিল প্ৰৱঞ্চনাৰ জাল ৷
ভাৰতৰ বৃহৎ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় কেলেংকাৰিৰ মুৰব্বী আছিল সাগৰ
দিল্লী-মুম্বাই-আহমেদাবাদত সাগৰৰ আছিল ভুৱা কলচেণ্টাৰ

প্ৰায় ৬০০ কৰ্মচাৰী নিয়োজিত থকা এই ভুৱা কলচেণ্টাৰসমূহে আমেৰিকাৰ নাগৰিকক কল পৰিশোধৰ ক্ষেত্ৰত ভয়-ভাবুকি দেখুৱাই লুটি আছিল লাখে লাখে টকা ৷

লুট কৰা বিশাল ধনৰাশি পোনপটীয়াকৈ অনা নাছিল ভাৰতলৈ সেই বিশাল ধনৰাশি সংগ্ৰহৰ বাবে
আমেৰিকাত এজেণ্ট ৰাখিছিল প্ৰৱঞ্চকটোৱে
লুট কৰা ধনৰ ৩০ শতাংশ এজেণ্টক দিছিল সাগৰে

কটকটীয়া নিৰাপত্তা সুৰক্ষা ব্যষ্টনীয়েও ধৰা পেলাব পৰা নাছিল প্ৰৱঞ্চকটোক ৷ আৰক্ষীয়ে সাগৰক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছিল যদিও প্ৰায় বিফল হৈছিল ৷ অৱশেষত আৰক্ষীৰ ওচৰত সাগৰে কৰে আত্মসমৰ্পণ ৷ সাগৰৰ এই আত্মসমৰ্পণৰ ৰহস্যজনক ৷

প্ৰেমৰ বাবেই আত্মসমপৰ্ণ সাগৰৰ

Leave A Reply

Your email address will not be published.