danewsplus.com
danewsplus.com

সলনি হ’ব গুৱাহাটী, জন্মদিনৰ দিনাই একাধিক ঘোষণা মুখ্যমন্ত্ৰীৰ

0 312

ডিজিটেল ডেস্কঃ সলনি হ’ব গুৱাহাটী
জন্মদিনৰ দিনাই একাধিক ঘোষণা মুখ্যমন্ত্ৰীৰ
গুৱাহাটীৰ বাবে হাতত লৈছে অভিলাসী প্ৰকল্প

নিজৰ ওপজাৰ দিনটোতে মহানগৰবাসীলৈ কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ সৰ্বদিশতে গুৱাহাটী মহানগৰীক জাকত জিলিকা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে হাতত লৈছে কেইবাটাও অভিলাসী প্ৰকল্প ৷

জু ৰোডত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী
৫৮০ মিটাৰ দৈৰ্ঘ্যৰ হ’ব উৰণীয়া সেতুখন
৭৮ কোটি ৯৩ লাখ টকা ধাৰ্য সেতুখনৰ বাবে
দুই লেনযুক্ত হ’ব অত্যাধুনিক সেতুখন

মহানগৰবাসীৰ দীৰ্ঘদিনীয়া যানজঁটৰ সমস্যা দূৰ কৰাৰ বাবে লোক নিৰ্মাণ বিভাগৰ SOPD আঁচনিৰ অধীনত জু ৰোডত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে এই অত্যাধুনিক সেতুখন ৷ ১৮ মাহৰ ভিতৰত সেতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ কেৱল এয়াই নহয় ৷ এই আধাৰশিলা অনুষ্ঠানতে গুৱাহাটীক লৈ ৰাজ্য চৰকাৰে হাতত লোৱা আন কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

শীঘ্ৰে গুৱাহাটীত নিৰ্মাণ হ’ব আন এখন চিকিৎসা মহাবিদ্যালয়
GMCHতকৈও বৃহৎ পৰিসৰৰ হ’ব চিকিৎসা মহাবিদ্যালয়খন
গুৱাহাটী ক্লাবৰ পৰা বামুণীমৈদামলৈ হ’ব এখন উৰণীয়া সেতু
চিৰিয়াখানাৰ সন্মুখত হ’ব এটা ৰটাৰী পইণ্ট
নিৰ্মাণ হ’ব শ্ৰদ্ধাঞ্জলি কানন-চিৰিয়াখানা সংযোগী পদ সেতু
চানমাৰিত নিৰ্মাণ হ’ব শ্ৰদ্ধাঞ্জলি কানন

গুৱাহাটীত বৃদ্ধি হ’ব বাতানুকূল বাছ আস্থান
৩০০খন বিদ্যুৎ আৰু CNG চালিত বাছ চলিব গুৱাহাটীত
স্বয়ংক্ৰিয় হ’ব গুৱাহাটীৰ ট্ৰেফিক ছিগনেলসমূহ
ফাঁচীবজাৰৰ পুৰণি জে’লৰ ভূমিত নিৰ্মাণ হ’ব উদ্যান
৩ হাজাৰ কোটিৰে নিৰ্মাণ হ’ব পলাশবাৰী-শুৱালকুছি সংযোগী দলং

এনেবোৰ একাধিক পৰিকল্পনা চলিত কাৰ্যকালৰ ভিতৰতে কাৰ্যকৰী কৰাৰ আশা কৰিছে মুখ্যমন্ত্ৰীজনে ৷ একপ্ৰকাৰ নিজৰ জন্মদিনত গুৱাহাটীবাসীলৈ উপহাৰৰ বৰষুণ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

Leave A Reply

Your email address will not be published.