danewsplus.com
danewsplus.com

তেজস্বী প্ৰকাশলৈ বিগ বছৰ-১৫ৰ খিতাপ

0 246

ডিজিটেল ডেস্কঃ ঘোষণা হ’ল টেলিভিছন জগতৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছ-১৫ৰ বিজেতা। বিগ বছ-১৫ ৰ খিতাপ অৰ্জন কৰিলে ৰূপালী পৰ্দাৰ অভিনেত্ৰী তেজস্বী প্ৰকাশে৷ ৰানাৰ্ছআপৰ খিতাপ দখল কৰে প্ৰতীক ছেজপালে৷ ২৯ আৰু ৩০ জানুৱাৰী তাৰিখে অনুষ্ঠিত হয় শ্ব’ টোৰ ‘গ্ৰাণ্ড ফিনালে’। ছিজনটোৰ টপ-5 ত কৰিঅ’গ্ৰাফাৰ নিশান্ত ভট্ট, অভিনেত্ৰী ছামিতা ছেত্ৰী, জনপ্ৰিয় ছেলিব্ৰেটী কৰণ কুন্দ্ৰা, ৰিয়েলিটী শ্ব’ৰ তাৰকা প্ৰতীক ছেজপাল, আৰু অভিনেত্ৰী তেজস্বী প্ৰকাশক দেখা পোৱা গৈছিল। কৰিঅ’গ্ৰাফাৰ নিশান্ত ভট্টে ১০ লাখ টকাৰ পৰিমাণলৈ ৫ নম্বৰ স্থানত শ্ব’টোৰ পৰা বিদায় লয়। এইবাৰৰ ফাইনেল অনুষ্ঠানটো ব্যতিক্ৰম ৰূপত অনুষ্ঠিত হয়। ফাইনেলত প্ৰত্যেকটো ছিজনৰ বিজয়ী সকলে অংশগ্ৰহণ কৰে। পঞ্জাৱৰ জনপ্ৰিয় গায়িকা ছেহনাজে ছিজন-১৩ৰ বিজয়ী তাৰকা সিদ্বাৰ্থ শোক্লাক প্ৰতিনিধিত্ব কৰে।

অভিনেত্ৰী তেজস্বী প্ৰকাশে ‘স্বৰাগীনি’ ৰ জৰিয়তে ৰূপালী পৰ্দাত ভৰি দিছিল। জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে ধাৰাবাহিক কৰ্ণসংগীনি, পহৰাদাৰ প্ৰিয়া কি, সিলসিলা, ৰিয়েলিটি শ্ব’ ‘Khatron Ke Khiladi’ আদিৰ যোগেদি দৰ্শকৰ মন জয় কৰিছিল। বিগবছৰ পিছত একতা কাপুৰৰ ‘নাগিন’ত দেখিবলৈ পাব তেজস্বী প্ৰকাশক।

Leave A Reply

Your email address will not be published.