danewsplus.com
danewsplus.com

মোদীৰ ৮৫ সংখ্যক ‘মন কী বাত’ত অসমৰ গঁড় আৰু কাজিৰঙাৰ প্ৰসংগ

0 443

ডিজিটেল ডেস্কঃ মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মন কী বাতৰ ৮৫সংখ্যক অনুষ্ঠানত কেইবাটাও বিভিন্ন প্ৰসংগৰ লগতে অসমৰ কাজিৰঙা, গঁড় আৰু ভূপেনদাৰ প্ৰসংগও উত্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে৷ উল্লেখ্য যে চোৰাং চিকাৰীয়ে ২০১৩ চনত ৩৭টা গঁড় নিধন কৰাৰ বিপৰীতে ২০১৪ চনত নিধন কৰিছিল ৩২টা গঁড়৷ ২০২০ত চোৰাং চিকাৰীৰ হাতত নিধন ২টা গঁড়। ২০২১ত নিধন হৈছিল এটা গঁড়। চোৰাং চিকাৰীৰ বিৰুদ্ধে হুংকাৰ দিয়া বুলিও উল্লেখ কৰে মোদীয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘গঁড় অসমীয়া সংস্কৃতিৰ অংগ’।

আনহাতে, বাপুৰ পুণ্য তিথি, গণৰাজ্য দিৱস, নেতাজীৰ জন্মজয়ন্তী, অমৰ জোৱান জ্যোতি, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক, প্ৰকৃতি আৰু জীৱ-জন্তুৰ প্ৰেমৰ প্ৰসংগও উত্থাপন কৰে ‘মন কী বাতত’৷ মধ্যপ্ৰদেশৰ পেন্স ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মৃত্যু হোৱা কলৰোৱালি বাঘিনী আৰু এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত অন্তিমবাৰৰ বাবে ভাগ লোৱা ‘বিৰাট’ নামৰ কামাণ্ডেণ্ট ছাৰ্জাৰ ঘোঁৰাটোৰ প্ৰসংগও সুঁৱৰিলে প্ৰধানমন্ত্ৰীয়ে৷

Leave A Reply

Your email address will not be published.