danewsplus.com
danewsplus.com

পুনৰ জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনীৰে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

0 109

ডিজিটেল ডেস্কঃ জম্মু–কাশ্মীৰত বিগত ১২ ঘণ্টাত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ দুটাকৈ সংঘৰ্ষ সংঘটিত হয়।পুলৱামা আৰু বুদগামত সংঘৰ্ষত নিহত হৈছে ৫টা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী৷ এই নিহত সন্ত্ৰাসবাদীকেইটাৰ এটা জৈছ-এ-মহম্মদৰ কমাণ্ডাৰ৷ বাকী ৪টা সন্ত্ৰাসবাদী লস্কৰ-এ-তৈবাৰ সদস্য৷ এই সন্ত্ৰাসবাদীকেইটাৰ এটা পাকিস্তানী সন্ত্ৰাসবাদী৷

চাৰিটা সন্ত্ৰাসবাদী নিহত হয় পুলৱামা জিলাত৷ এটা সন্ত্ৰাসবাদী নিহত হয় বুদগাম জিলাত৷ সংঘৰ্ষস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে এ কে-৫৭ ৰাইফলকে ধৰি ভালেমান আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে৷ সন্ত্ৰাসবাদীৰ সন্ধানত এই অঞ্চলসমূহত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে৷

Leave A Reply

Your email address will not be published.