danewsplus.com
danewsplus.com

নুমুওৱা হ’ল দিল্লীৰ অমৰ জোৱান জ্যোতি

0 132

ডিজিটেল ডেস্কঃ নুমুওৱা হ’ল ৰাজধানী দিল্লীৰ ইণ্ডিয়া গেইটৰ বিখ্যাত অমৰ জোৱান জ্যোতি ৷ এই শিখা একেলগ কৰা হ’ল এই স্থানৰ কেইশ মিটাৰমান নিলগত থকা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে ৷ ১৯৭১ৰ ভাৰত-পাকিস্তান যুদ্ধত শ্বহীদ হোৱা জোৱানসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল ইণ্ডিয়া গেইটৰ এই অমৰ জোৱান জ্যোতি ৷

বিভিন্ন উপলক্ষত সেনা মুৰব্বী আৰু বিভিন্ন দেশৰ মুৰব্বীয়ে শ্ৰদ্ধাঞ্জলি জনাই আহিছিল এই স্মাৰকত ৷ অমৰ জোৱান জ্যোতিক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে একেলগ কৰা কাৰ্যক একাংশ বিৰোধীয়ে সমালোচনা কৰিছে যদিও কেন্দ্ৰই এনে সমালোচনা নাকচ কৰিছে ৷ ইণ্ডিয়া গেইটৰ খালী ঠাইত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

Leave A Reply

Your email address will not be published.