danewsplus.com
danewsplus.com

প্ৰকাশ পালে অসম আৰক্ষীৰ পৰীক্ষাৰ সময়সূচী

0 330

ডিজিটেল ডেস্কঃ শীঘ্ৰে অসম আৰক্ষীত হ’ব প্ৰায় ১২ হাজাৰ নিযুক্তি৷ তিনিটা পৰ্যায়ত ১১,৯৪১টা পদৰ বাবে লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰিলে আৰক্ষী নিযুক্তি ব’ৰ্ডে৷ ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা ৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ ১০টা কেন্দ্ৰত লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷

প্ৰথম পৰ্যায়ত ২০ ফেব্ৰুৱাৰীত কনিষ্টবল পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব ৷ দ্বিতীয় পৰ্যায়ত ২৭ ফেব্ৰুৱাৰীত ঔদ্যোগীক সুৰক্ষা বাহিনী বেটেলিয়নৰ কনিষ্টবলৰ বিশেষ পৰীক্ষা অনুষ্ঠিত হ ’ব৷ উপ-পৰিদৰ্শক আৰু আন একাংশ কনিষ্টবল পদৰ বাবে ২৪ এপ্ৰিলত হ’ব পৰীক্ষা৷ ২০ ফেব্ৰুৱাৰীত ২,৩৩১টা UB কনিষ্টবল পদ, ৪,২২৭টা AB কনিষ্টবল পদ, APRৰ ৮১৩টা কনিষ্টবলৰ পদ, জৰুৰীকালীন সেৱাৰ ৭৮৮টা, গৃহৰক্ষী বাহিনীৰ ৭৫৪টা কনিষ্টবল পদৰ বাবে হ’ব পৰীক্ষা ৷

২৪ এপ্ৰিলত UB শাখাৰ ৩০৬টা উপ-পৰিদৰ্শকৰ পদ, AB শাখাৰ ৩২০টা উপ-পৰিদৰ্শকৰ পদ, ৪টা সহকাৰী উপ-নিয়ন্ত্ৰক পদ, ৭০৫টা UB শাখাৰ কনিষ্টবল পদ, ১,৪২৯টা AB শাখাৰ কনিষ্টবল পদৰ বাবে হ’ব পৰীক্ষা৷ ২৭ ফেব্ৰুৱাৰীত SPOসকলৰ বাবে ঔদ্যোগিক সুৰক্ষা বাহিনী বেটেলিয়নৰ কনিষ্টবল ১৫৪ টা পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৷

আৰক্ষী নিযুক্তি ব’ৰ্ডে নিৰ্ধাৰণ কৰিলে পৰীক্ষাৰ দিন। এই পৰীক্ষা সূচী বিশেষ DGP জি পি সিঙে ঘোষণা কৰিছে৷ টুইটযোগে বিশেষ DGP জি পি সিঙে প্ৰকাশ কৰিলে সূচী ।SEBAই অনুষ্ঠিত কৰিব আৰক্ষীৰ লিখিত পৰীক্ষা।

Leave A Reply

Your email address will not be published.