danewsplus.com
danewsplus.com

বিশ্বৰ আটাইতকৈ ধনী YouTuber জন কোন? উপাৰ্জন শুনিলে আচৰিত হ’ব আপুনি ?

0 881

ডিজিটেল ডেস্কঃ এটা বছৰত ৫৪ নিযুত ডলাৰ উপাৰ্জন
ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৪০১ কোটি টকা

এয়া কোনো অভিনেতা বা খেলুৱৈৰ উপাৰ্জন নহয় । বিশ্বৰ আটাইতকৈ ধনী YouTuber জনৰ এটা বছৰৰ উপাৰ্জন এয়া । ২০২১ত YouTuber জিমি ড’নাল্ডছনে উপাৰ্জন কৰে এই বৃহৎ পৰিমাণৰ ধন।

বৰ্তমানৰ অন্যতম জনপ্ৰিয় সামাজিক মাধ্যম ইউটিউব ৷ ইউটিউবৰ জৰিয়তে জনপ্ৰিয় ইউটিউবাৰসকলে কৰা উপাৰ্জনক লৈ সময়ে সময়ে চৰ্চা চলি আহিছে ৷ ২০২১ত কেইবাগৰাকী ইউটিউবাৰৰ উপাৰ্জনক লৈ সংবাদ মাধ্যমত চলিছে ব্যাপক চৰ্চা ৷ উপাৰ্জনৰ লেখেৰে ইউটিউবাৰৰ তালিকাত ২০২১ চনত শীৰ্ষ স্থান দখল কৰিছে Mr. Beast বুলি পৰিচিত জিমি ড’নাল্ডছনে ৷ যোৱা বছৰ তেওঁৰ উপাৰ্জনৰ পৰিমাণ হৈছে ৫৪ নিযুত ডলাৰ ৷ ভাৰতীয় মুদ্ৰা হিচাপত প্ৰায় ৪০১ কোটি টকা ৷

YouTubeত Mr. Beastৰ গ্ৰাহকৰ সংখ্যা ৮৮ নিযুত
যোৱা বছৰ তেওঁ আৰম্ভ কৰিছিল ৫০ নিযুত গ্ৰাহকেৰে
এটা বছৰত তেওঁ আহৰণ কৰে প্ৰায় ৩৮ নিযুত গ্ৰাহক
গ্ৰাহকৰ সংখ্যাৰ লেখেৰে বিশ্বত তেওঁৰ স্থান অষ্টম
নৱেম্বৰত তেওঁৰ এটা ভিডিঅ’ৰ দৰ্শন ২০ কোটি গ্ৰাহকৰ

জিমি ড’নাল্ডছনৰ পিছত উপাৰ্জনৰ লেখেৰে পৰৱৰ্তী স্থানকেইটা দখল কৰিছে YouTuber জেক প’ল আৰু মাৰ্ক ফিছবাকে৷

২য় স্থানত থকা জেক প’লৰ ২০২১ত YouTubeৰ পৰা উপাৰ্জন ৪৫ নিযুত ডলাৰ
ভাৰতীয় মুদ্ৰা হিচাপত প্ৰায় ৩৩৫ কোটি টকা
৩য় স্থানত থকা মাৰ্ক ‘মাৰ্কিপ্লায়াৰ’ ফিছবাকৰ উপাৰ্জন আছিল ৩৮ নিযুত ডলাৰ
ভাৰতীয় মুদ্ৰা হিচাপত ২৮৩ কোটি টকা
Vo: অৰ্থাৎ YouTubeৰ পৰা উপাৰ্জনে শ কোটিৰ ঘৰ চোৱা কেইবাগৰাকীও YouTuber আছে৷ এইসকলৰ ভিতৰত কৌতুক শিল্পীৰ পৰা আৰম্ভ কৰি অভিনেতা, ব্লগাৰ আদি আছে৷


YouTubeত সৰ্বাধিক গ্ৰাহক আছে YouTuber PEWDIEPIEৰ
PEWDIEPIE বুলি প্ৰখ্যাত ফেলিক্স অৰভিড উল্ফ জেলবাৰ্গৰ গ্ৰাহক হৈছে ১১০ নিযুত

ইউটিউবত ইতিমধ্যে ছুপাৰ ষ্টাৰ হিচাপে চিহ্নিত হৈছে ৮ বছৰীয়া ৰায়ান কাজী৷

সৰ্বাধিক উপাৰ্জন কৰা শিশু YouTuber ৰূপে অভিলেখ ৰায়ান কাজীৰ

এইদৰে ইউটিউবত জিলিকি উঠিছে বহু অখ্যাত লোক ৷ যিসকলে ইউটিউবৰ জৰিয়তে নিজৰ এক পৰিচয় গঢ়ি তুলিছে ৷

Leave A Reply

Your email address will not be published.