danewsplus.com
danewsplus.com

ৰাজ্যৰ ক’ত কেনেকৈ নিৰ্মাণ কৰা হৈছে ভেলাঘৰ?

0 337

ডিজিটেল ডেস্কঃ ভেলাঘৰৰ ন-ৰূপ
ক’ৰবাত তাজমহল, ক’ৰবাত ৰংঘৰ
ক’ৰবাত ভেকচিনেচন, ক’ৰবাত বাছ

ভোগালী বিহু মানে ৰাজ্যত আটকধুনীয়া ভেলাঘৰ সজাৰ অঘোষিত প্ৰতিযোগিতা৷ প্ৰতিবছৰে চমক দি অহাৰ দৰে এইবাৰো ৰহাৰ আমলিখালিত নিৰ্মাণ কৰা হৈছে ভেলা ঘৰ৷ ক’ৰোনাৰ টীকাকৰণক থিম হিচাপে লৈ শিল্পী ভগৱান সেনাপতিয়ে এইবাৰ নিৰ্মাণ কৰিছে এই ভেলাঘৰটো৷

এয়া বিহপুৰীয়াৰ দৃশ্য৷ কাৰেংঘৰত আৰ্হিত নিৰ্মাণ হৈছে ভেলাঘৰ৷ উৰুকাৰ নিশা একেলগে এসাঁজ খোৱাৰ মানসেৰে নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰটো৷ ভেলাঘৰৰ বাকৰিত ইতিমধ্যে আৰম্ভ হৈছে বিহুৰ পৰিৱেশ৷

ধুবুৰীত জিনকাটা, ঘঁৰিয়ালদাঙাত আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰি ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে৷ গোলাঘাটৰ বৰপথাৰত সুউচ্চ মেজি, ভেলাঘৰ সাজি ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে৷


ৰঙিয়াত বাছৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে গঞাই৷ ক’ৰবাত মেৰঘৰ, ক’ৰবাত ৰংঘৰ৷ মুঠতে বিভিন্ন আৰ্হিত নিৰ্মাণ হৈছে ভেলাঘৰ৷

মুছলপুৰত হাতী-মানুহৰ সংঘাতক লৈ ভেলাঘৰত দিয়া হ’ল নতুন ৰূপ৷ ডিব্ৰুগড়ত ভেলাঘৰে ৰূপ ল’লে তাজমহলে৷ মুঠতে ভোগালীক লৈ নতুন নতুন আৰ্হিত ভেলাঘৰ নিৰ্মাণ হৈছে৷

Leave A Reply

Your email address will not be published.