danewsplus.com
danewsplus.com

হলীউডৰ প্ৰথম কৃষ্ণাংগ তাৰকা অভিনেতা ছিডনী পোৱাটিয়াৰ মৃত্যু

0 135

ডিজিটেল ডেস্কঃ লছ এঞ্জেলিছত ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ছিডনী পোৱাটিয়াই ৷ পোৱাটিয়া আছিল অস্কাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ অভিনেতা ৷ ১৯৬৪ চনত ‘লিলিজ অৱ দ্য ফিল্ড’ ছবিৰ বাবে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ ৷ এই সন্মান লাভ কৰা পোৱাটিয়া আছিল বাহামাৰ প্ৰথমজন নাগৰিক ৷

পোৱাটিয়াৰ পৰিয়াল বাহামাৰ আছিল যদিও তেখেতৰ জন্ম হৈছিল আমেৰিকাৰ মায়ামিত ৷ পোৱাটিয়াৰ কেৱল অভিনেতাই নাছিল, তেওঁ আছিল পৰিচালক আৰু সক্ৰিয় সমাজকৰ্মী ৷ আমেৰিকা আৰু বাহামাৰ নাগৰিকত্ব থকা পোৱাটিয়া জাপানত বাহামাৰ ৰাষ্ট্ৰদূত আছিল ৷ ইয়াৰ লগতে ৰাষ্ট্ৰসংঘতো বাহামাৰ ৰাষ্ট্ৰদূত আছিল পোৱাটিয়া৷

Leave A Reply

Your email address will not be published.