danewsplus.com
danewsplus.com

‘হিমন্ত মামা’ৰ কিতাপ উন্মোচন কৰিলে মাজুলীৰ ভাগিনে

0 281

ডিজিটেল সংবাদ, মাজুলীঃ মামাৰ কিতাপত মাজুলীৰ ভাগিনৰ ফটো। মহান কৰ্ম কৰি আনন্দত আত্মহাৰা মাজুলীৰ ভাগিন। মামা হিচাপে খ্যাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে মাজুলী ফুলনিত অনুষ্ঠিত হোৱা এখন সভালৈ আহোতে হঠাৎ মামা মামা বুলি নাতি দুৰৈৰ পৰা এজাক কিশোৰে চিঞৰি উঠিছিল আৰু ওচৰলৈ মাতি আনি কথা পাতিছিল হিমন্ত মামাই আৰু অতি কম দিনৰ ভিতৰত ঘনিষ্ঠ হৈছিল মামা ভাগিনৰ সম্পৰ্ক। পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ পাছত মাজুলী আহি আৱৰ্ত ভৱনত মামা ভাগিনে একেলগে আহাৰো গ্ৰহণ কৰিছিল।

মাজুলীৰ এই সকল ভাগিনে আজি মামাৰ ওপৰত অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত লেখা এখন কিতাপ উন্মোচন কৰিলে। লিখক, সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত শৈশৱৰ পৰা মুখ্যমন্ত্ৰীলৈকে দীঘলীয়া সংৰ্ঘষ আৰু জীৱন পৰিক্ৰমাৰ ওপৰত লিখি উলিওৱা কিতাপখনিৰ উন্মোচন কৰে। মাজুলী শ্ৰীৰাম বনমালী দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অধ্যক্ষ অসীম হাজৰিকা আৰু শিক্ষকবৃন্দৰ লগতে একাংশ ছাত্র ছাত্ৰীৰ উপস্থিতিত কিতাপখন উন্মোচন কৰে।

ভাগিন ক্ৰমে প্ৰবিত্ৰ দত্ত, কৌশিক শইকীয়া, বিকাশ দত্ত, চম্পক বৰুৱা, জ্ঞানজ্যোতি শইকীয়াই মামাৰ ওপৰত লিখিত কিতাপখন পাই উৎফুল্লিত হৈ পৰাৰ লগতে কিতাপখনত নিজৰ ফটো খন দেখি আনন্দত আত্মহাৰা হয়। মামাৰ লগত আৱৰ্ত ভৱনত লোৱা বিশেষ চেলফিখন দেখি তেওঁলোকে মামাৰ লগত কটোৱা সময়ৰ কথা মনত পেলায়।

অসমবাসীয়ে যাতে মামাৰ ওপৰত লেখা কিতাপখন আদৰি লয় তাকো আহ্বান জনায়। প্ৰায় ৪১৫ পৃষ্ঠাৰ কিতাপখন অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰই প্ৰকাশ কৰিছে। বিদ্যালয়ৰ অধ্যক্ষ অসীম হাজৰিকাই লেখক গৰাকীলৈ শুভেচ্ছা জ্ঞাপনৰ লগতে অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ ওপৰত লেখা কিতাপখন অসমবাসীয়ে আদৰি লবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.