danewsplus.com
danewsplus.com

ক’ভিডত আক্ৰান্ত বলীউড তাৰকা জন আব্ৰাহাম

0 475


ডিজিটেল ডেস্কঃ অব্যাহত আছে ক’ভিডৰ সংহাৰ। ইজনৰ পিছত সিজন বলিউড তাৰকা আক্ৰান্ত হৈছে মাৰাত্মক ক’ভিডত। এইবাৰ অভিনেতা জন আব্ৰাহাম আক্ৰান্ত হৈছে ক’ভিড ভাইৰাছত। পত্নী প্ৰিয়া ৰুঞ্চালৰ দেহতো পোৱা গৈছে কভিড ভাইৰাছ। অভিনেতাজনে সামাজিক মাধ্যমৰ জৰিয়তে সদৰী কৰে যে- ‘তিনিদিনৰ পূৰ্বে ক’ভিডত আক্ৰান্ত এজন ব্যক্তিৰ সংস্পৰ্শত আছিলোঁ। মই আৰু মোৰ পত্নী দুয়োগৰাকীয়ে ভেকচিন গ্ৰহণ কৰিছিলো। দুয়োপালি ভেকচিন লোৱাৰ পাছতো আমি আক্ৰান্ত হৈছো কভিডত। আমাৰ শৰীৰত সামান্য কভিডৰ লক্ষণ দেখা গৈছিল। সন্দেহ উপজাত কভিড টেষ্ট কৰা হৈছিল আৰু ফলাফল নিশ্চিত হ’ল’।

উল্লেখ্য যে, জন আব্ৰাহাম কেৱল অভিনেতাই নহয়, নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ স্বত্ত্বাধিকাৰীৰ লগতে এগৰাকী ক্ৰীড়া সংগঠক। তাৰোপৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে অভিনেতাজন। শৰীৰ চৰ্চাত অতি সচেতন অভিনেতাজনে সকলোকে সাৱধান হোৱাৰ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.