danewsplus.com
danewsplus.com

আজিৰে পৰা গুৱাহাটীত অসম গ্ৰন্থেমলা

0 172

ডিজিটেল ডেস্কঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলা৷ ১২ দিনীয়াকৈ আয়োজন কৰা অসম গ্ৰন্থমেলাত ৰাজ্য, দেশ-বিদেশৰ ১৫০খন গ্ৰন্থ বিপণীয়ে অংশ লৈছে৷ বিয়লি ৩ বজাত উদ্বোধন কৰা হ’ব অসম গ্ৰন্থেমলা৷ উদ্বোধনী অনুষ্ঠানতে প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২১ প্ৰদান কৰা হ’ব৷

গ্ৰন্থেমলাৰ আটাইকেইদিনত বিভিন্ন কাৰ্যসুচীত কেইবাখনো গ্ৰ্ন্থ উন্মোচন কৰা হ’ব৷ প্ৰতিদিনে সন্ধিয়া ৫.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷ বৃহস্পতিবাৰে গ্ৰন্থমেলাৰ বাকৰিত সম্বৰ্ধনা জনোৱা হ’ব জ্ঞানপীঠ প্ৰাপক কবি নীলমনি ফুকনক৷ ইফালে, ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থেমলালৈ অহা সকলো গ্ৰন্থানুৰাগীক মাস্ক পৰিধান আৰু ক’ভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে উদ্যোক্তাই৷

Leave A Reply

Your email address will not be published.