danewsplus.com
danewsplus.com

আমগুৰিৰ কণমানি এঞ্জেল প্ৰিয়াৰ সাফল্য

0 233

ডিজিটেল ডেস্কঃ আমগুৰিৰ এগৰাকী কণমানি এঞ্জেল প্ৰিয়াই টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত লাভ কৰা সফলতাই অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে। সদ্যসমাপ্ত আপাৰ আছাম অপেন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত এঞ্জেলপ্ৰিয়াই দুটাকৈ স্বৰ্ণপদক অৰ্জন কৰি অঞ্চলটিলৈ কঢ়িয়াই আনিছে গৌৰৱ।
“আমগুৰি টাইকোৱাণ্ডো একাডেমী”ৰ প্ৰশিক্ষাৰ্থী এঞ্জেলপ্ৰিয়াই 25 আৰু 26 ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত আপাৰ আছাম অপেন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2021ত কৰিঅগি আৰু পুমচে দুয়োটা শাখাত স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয়। স্বাভাৱিকতে প্ৰতিযোগিতাৰ সৰ্বশ্ৰেষ্ঠ যুঁজাৰুৰ সন্মানো লাভ কৰে এঞ্জেলপ্ৰিয়াই। এঞ্জেলৰ এই সফলতা 2019 চনৰ পৰাই অব্যাহত আছে। 2019 চনত “আচাম ষ্টেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ”ত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিল। মাত্ৰ আঠ বছৰীয়া কণমানি এঞ্জেল প্ৰিয়া আমগুৰি ডনবস্ক’ স্কুলৰ ক্লাছ 2ৰ ছাত্ৰী। আমগুৰি টাইকোৱাণ্ডো একাডেমীত প্ৰশিক্ষক ৰাজু কোঁৱৰৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা এঞ্জেলপ্ৰিয়া আমগুৰি নগৰৰ 7 নং ৱাৰ্ডৰ আকাশ বীৰ শ‌ইকীয়া আৰু মধুমিতা ফুকন শইকীয়াৰ কন্যা।

Leave A Reply

Your email address will not be published.