danewsplus.com
danewsplus.com

নগাঁৱৰ দেৱালে দেৱালে জিলিকিছে আনন্দ মিশ্ৰ

0 199

ডিজিটেল ডেস্কঃকেনভাছৰ পৰিৱৰ্তে নগাঁৱৰ তিনি গৰাকী চিত্ৰ শিল্পীয়ে বাছি ললে উৰণীয়া সেতুৰ ৱাল। নগাওঁ জিলাৰ ননৈ বাদল গাঁওৰ উৰণীয়া সেতুৰ ৱালত নগাঁৱৰ তিনি গৰাকী চিত্ৰ শিল্পী তামান্না, ঋতুৰাজ আৰু কংকনে অংকন কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ চিত্ৰ। উৰণীয়া সেতুৰ ৱালত অংকন কৰা নিজৰ চিত্ৰ প্ৰত্যক্ষ কৰিবলৈ বাদল গাওঁত উপস্থিত হয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। নৱ প্ৰজন্মৰ বাবে আনন্দ মিশ্ৰ আদৰ্শ হোৱাৰ বাবে তেওঁ আনন্দ প্ৰকাশ কৰাৰ লগতে নৱ প্ৰজন্মক গঠন মূলক চিন্তাধাৰা আৰু গঠন মূলক কামেৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.