danewsplus.com
danewsplus.com

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ শিল্পী

0 141

ডিজিটেল ডেস্কঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ শিল্পী৷ মালয়েছিয়াৰ কলা মন্দিৰ ডান্স একাডেমীৰ উদ্যোগত অনুষ্ঠিত অনলাইন নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ‘নৃত্য কলা’ পুৰস্কাৰ লাভ কৰিলে বাক্সাৰ বৰঘাগ্ৰাৰ নৃত্যশিল্পী ছায়াশ্ৰী বসুমতাৰীয়ে৷

ছায়াশ্ৰীৰ এই সফলতাৰ প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ ছায়াশ্ৰীলৈ প্ৰশংসা পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ পূৰ্বেও নেপালত নৃত্যমণি, ডুবাইৰ নাডাম ডেন্স ফেষ্টিভেলত অংশ লৈ নৃত্য প্ৰতিভা পুৰস্কাৰ লাভ কৰিছিল ছায়াশ্ৰীয়ে৷

Leave A Reply

Your email address will not be published.