danewsplus.com
danewsplus.com

কলাক্ষেত্ৰত কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ

0 379

ডিজিটেল ডেস্কঃ ‘আকৌ নতুন প্ৰভাত হ’ব’
কলাক্ষেত্ৰত কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ
AICC নেতৃত্বৰো অংশগ্ৰহণ

দলীয় বাদ-বিবাদ, নিৰ্বাচনী পৰাজয় আদি ভিন্ন প্ৰত্যাহ্বান আৰু ভাৰাক্ৰান্ত প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে প্ৰশিক্ষণ শিবিৰ ৷ মহানগৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত ৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰদেশ কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ ৷

আকৌ নতুন প্ৰভাত হ’ব

শীৰ্ষক প্ৰশিক্ষণ শিবিৰত AICC নেতা তথা প্ৰদেশ কংগ্ৰেছৰ পৰ্যাবেক্ষক জিতেন্দ্ৰ সিং, AICCৰ সম্পাদক পৃথ্বীৰাজ ছাথেকে ধৰি কেইবাগৰাকীও নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতাই অংশগ্ৰহণ কৰে৷ এমহা পূৰ্বে শাসকীয় বিজেপিয়ে দিল্লীত অনুষ্ঠিত কৰিছিল ৩দিনীয়া প্ৰশিক্ষণ শিবিৰ৷ তাৰ পাছতে কংগ্ৰেছে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাক লৈ দলটোক তাচ্ছিল্য কৰিছিল বিজেপি নেতৃত্বই ৷

বিজেপিক অনুসৰণ কৰিছে কংগ্ৰেছে
কংগ্ৰেছক কটাক্ষ বিজেপিৰ
তাৰ প্ৰত্যুত্তৰ দিলে কংগ্ৰেছী মহলে ৷

প্ৰথম দিনৰ প্ৰশিক্ষণৰ অন্তত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷

উন্নয়নক লৈ সকলোতে বিফল ৰাজ্য চৰকাৰ
৫ মাহত মুখ্যমন্ত্ৰীয়ে লৈছে ৫ হাজাৰ কোটিৰ ঋণ

ইপিনে কংগ্ৰেছৰ বিধায়ক আন দললৈ যাব বুলি পুনৰ চৰ্চা হোৱা বিষয়টোৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙৰ ৷

যি যাব খোজে যাব পাৰে
যি আহিব খোজে আহিব পাৰে
খোলা আছে কংগ্ৰেছৰ দৰ্জা

মুঠতে ২০২৪ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি প্ৰস্তুতি আৰম্ভ প্ৰদেশ কংগ্ৰেছৰ৷ আকৌ নতুন প্ৰভাৱ হ’ব শ্ল’গানেৰে দলক পুনৰ সংগঠিত কৰাৰ প্ৰয়াসে কংগ্ৰেছক কিমান সফতলা দিব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব ৷

Leave A Reply

Your email address will not be published.