danewsplus.com
danewsplus.com

জামিন আৱেদন নাকচৰ পিছতে পলাতক জিতুমণি শৰ্মা

0 364

ডিজিটেল ডেস্কঃ জামিন আৱেদন নাকচৰ পিছতে পলাতক জিতুমণি শৰ্মা
মহাপ্ৰৱঞ্চকৰ ন ন তথ্য আহিছে পোহৰলৈ
জনচক্ষুৰ সন্মুখতে টিঘিলঘিলাই আছে মহাপ্ৰৱঞ্চকবাহীনীয়ে

কমাৰ্চিয়েল কমপ্লেকছ দিম বুলি ভুৱা নথিৰে কোটি কোটি টকা সৰকোৱা জিতুমণি শৰ্মা আৰু আব্দুল মুকিতৰ অগ্ৰিম জামিন আৱেদন ৬ ডেচেম্বৰত আদালতে নাকচ কৰে ৷ কিন্তু অগ্ৰিম জামিন আৱেদন নাকচ হোৱাৰ পিছতো আৰক্ষীৰ হাত লগা নাই মহাপ্ৰৱঞ্চক জিতুমণি শৰ্মা আৰু আব্দুল মুকিত ৷

Da NEWS PLUSৰ হাতত জিতুমণি বাহিনীৰ প্ৰৱঞ্চনাৰ ন ন তথ্য
৩ মহিলাৰ পৰাও ধন লৈছিল জিতুমণি বাহিনীয়ে

ছাংপো নামৰ এটা প্ৰতিষ্ঠানৰ নামত লুণ্ঠন চলাইছিল জিতুমণি আৰু তেওঁৰ সহযোগীয়ে ৷ ধন লোৱাৰ সময়ত ছাংপোৰে জড়িত থকা আশীষ ৰয়, প্ৰাক্তন DGP প্ৰয়াত খগেন শৰ্মাৰ ভাতৃ অতুল শৰ্মাও মুক্তভাৱেই ঘূৰি ফুৰিছে ৷ কিন্তু আৰক্ষীয়ে সোধা-পোছা কৰা নাই তেওঁলোকক ৷ আদালতে জিতুমণি আৰু আব্দুল মুকিতৰ জামিন আৱেদন নাকচ কৰাৰ পিছতে ৰহস্যজনকভাৱে পলাই থাকিবলৈ সক্ষম হৈছে প্ৰৱঞ্চক ৷ চলিত বৰ্ষৰ ২৭ অক্টোবৰত পাণবজাৰ থানাত জিতুমণিৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ ভুক্তভোগী ব্যৱসায়ীসকলে ৰুজু কৰিছিল এই গোচৰ ৷ ইয়াৰ পূৰ্বে ২০১৮ চনৰ ২৭ জুনত পাণবজাৰত থানাতে মাটিৰ গৰাকীয়ে ইন্দ্ৰনীল লাহিৰিয়ে ৰুজু কৰিছিল গোচৰ ৷ কিন্তু এতিয়াও আৰক্ষীৰ হাত লগা নাই জিতুমণি শৰ্মা আৰু তেওঁৰ প্ৰৱঞ্চক বাহিনী ৷ বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ ৰাজনীতিৰ লগতে বিভিন্ন মহলত ৷

Leave A Reply

Your email address will not be published.