danewsplus.com
danewsplus.com

২০২১ বৰ্ষত ভাৰততেই সৰ্বাধিক সাংবাদিকক হত্যা

0 205

ডিজিটেল ডেস্ক : ‘Committee to Protect Journalist’ নামৰ নিউয়ৰ্কস্থিত আমেৰিকাৰ এটা স্বতন্ত্ৰ বেচৰকাৰী সংস্থাই পূৰ্বৰ দৰে ২০২১ বৰ্ষটো বিশ্বজুৰি কিমান সংখ্যক সাংবাদিক কাৰাগাৰলৈ যাব লগা হৈছে, কিমান সংখ্যক সাংবাদিকক হত্যা কৰা হৈছে তাৰ গৱেষণা চলাই তথ্য সহকাৰে এক প্ৰতিবেদন প্ৰকাশ কৰিছে।

সংস্থাটোৱে প্ৰকাশ কৰিছে যে, নিজৰ কামৰ বাবে ২০২১ চনত বিশ্বজুৰি মুঠ ২৯৩ গৰাকী সাংবাদিক কাৰাবন্দী হৈছে। লগতে ‘Committee to Protect Journalist’ সংস্থাটোৱে প্ৰকাশ কৰিছে যে, অতি কমেও ২৪ গৰাকী সাংবাদিকক ২০২১ চনত হত্যা কৰা হৈছে।

বেচৰকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছে যে, পৃথিৱীৰ ভিতৰতে চীনেই হৈছে এনে এখন দেশ য’ত ২০২১ বৰ্ষত সৰ্বাধিক সাংবাদিক জে’লত বন্দী হৈছে। এই বৰ্ষত চীনত ৫০ গৰাকী সাংবাদিক কাৰাবন্দী হৈছে ।

উল্লেখনীয় যে, ‘Committee to Protect Journalist’ সংস্থাটোৱে প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি সাংবাদিকৰ বাবে সৰ্বাধিক ঘাটকৰূপী দেশ হৈছে ভাৰত আৰু মেক্সিকো। এই বৰ্ষত বিশ্বৰ ভিতৰত ভাৰততেই সৰ্বাধিক ৪ গৰাকী সাংবাদিকক হত্যা কৰা হৈছে বুলি প্ৰকাশ কৰিছে সংস্থাটোৱে। আনহাতে, মেক্সিকোত তিনিগৰাকী সাংবাদিকক হত্যা কৰা হৈছে, ইয়াৰোপৰি ৬ গৰাকী সাংবাদিকৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এতিয়াও অনুসন্ধান অব্যাহত আছে বুলি প্ৰতিবেদনত উল্লেখ কৰিছে উক্ত সংস্থাটোৱে।

Leave A Reply

Your email address will not be published.