danewsplus.com
danewsplus.com

নাগালেণ্ডত নিৰীহ লোকক হত্যাৰ প্ৰতিবাদ, উঃ পূবৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰক: জাতীয় পৰিষদ

0 125

ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ মন জিলাত দেওবাৰে নিৰাপত্তাৰক্ষীয়ে ১৩গৰাকী নিৰীহ লোকক গুলীয়াই হত্যা কৰা ঘটনাক অসম জাতীয় পৰিষদে তীব্ৰ গৰিহণা দিয়ে লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী পুনৰ উত্থাপন কৰে৷

এক বিবৃতিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰো স্বতন্ত্ৰভাৱে আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে৷ কিন্তু AFSPAখন ধাৰাবাহিকভাৱে প্ৰযোজ্য কৰি কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ জনসাধাৰণৰ সংবিধান-প্ৰদত্ত উক্ত অধিকাৰ কাঢ়ি নিছে৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নিৰাপত্তা সংস্থাসমূহে এই অঞ্চলৰ থলুৱা জনসাধাৰণৰ জীৱনক যে মুঠেই মূল্যবান বুলি নাভাৱে, এই ঘটনাই তাৰ উদাহৰণ৷

নেতাদ্বয়ে কয় যে নিৰাপত্তা বাহিনীৰ অসংবেদনশীল তথা দায়বদ্ধতাহীন আচৰণে সাধাৰণ নিৰীহ মানুহৰ জীৱন নষ্ট কৰা এইয়াই প্ৰথম ঘটনা নহয়৷ ১৯৯৪ চনত তিনিচুকীয়া জিলাৰ ডাঙৰিত সংঘটিত অনুৰূপ ঘটনাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই সুদীৰ্ঘ ২৪ বছৰ আইনী যুঁজ চলোৱাৰ অন্তত ২০১৮ চনত ৮ গৰাকী সেনা বিষয়াক ন্যায়ালয়ে দোষী সাব্যস্ত কৰি কোৰ্ট মাৰ্শ্বেলৰ হুকুম দিবলগা হোৱা ঘটনাটো সেনা তথা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ একাংশ লোকে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ জীৱনক তুচ্ছ জ্ঞৈন কৰাৰ এটা উদাহৰণ৷

নাগালেণ্ডত সংঘটিত ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিৰাপত্তা বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ নকৰিলে ভৱিষ্যতেও এনে ঘটনাৰ পুনৰাবৃত্তি নহ’ব তাৰ একো নিশ্চয়তা নাই৷
ঘটনাটোত নিহত হোৱা লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ জাতীয় পৰিষদে দাবী জনায়৷

Leave A Reply

Your email address will not be published.