danewsplus.com
danewsplus.com

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ যোৱাৰ পিছতে এতিয়া জ্বলিছে বাংলাদেশ

0 51

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ যোৱাৰ পিছতে এতিয়া জ্বলিছে বাংলাদেশ। মোদীৰ ভ্ৰমণৰ পিছতে চুবুৰীয়া দেশখনৰ কেইবাটাও প্ৰান্তত সংঘটিত হৈছে হিংসাত্মক ঘটনা। হেফাজত-এ-ইছলাম সদস্যই একাংশ হিন্দু মন্দিৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ব্ৰাহ্মণ বাড়িয়েত এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে।

এই আক্ৰমণত স্তব্ধ হৈ পৰিছে সমগ্ৰ বাংলাদেশ। হেফাজত-এ-ইছলাম সদস্যই ৰে’লৰ ওপৰতো চলালে ভয়ংকৰ আক্ৰমণ। চৰকাৰী কাৰ্যালয়তো অগ্নি সংযোগ কৰিছে সংগঠনটোৰ সদস্যই। বৰ্তমানলৈকে এই হিংসাত্মক ঘটনাত প্ৰাণ হেৰুৱাইছে প্ৰায় ১৩গৰাকী প্ৰতিবাদকাৰীয়ে।

আনফালে প্ৰায় অৰ্ধশতাধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। পৰিস্থিতি অধিক জটিল হৈ পৰাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে। আনহাতে বাংলাদেশ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰৰ চেষ্টা অব্যাহত ৰাখিছে যদিও পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিছে।

Leave A Reply

Your email address will not be published.