danewsplus.com
danewsplus.com

ইণ্ডোনেছিয়াত ভয়ংকৰ আগ্নেয়গিৰি উদগীৰন

0 512

ডিজিটেল ডেস্ক: ইণ্ডোনেছিয়াত প্ৰকৃতিৰ সংহাৰী ৰূপ৷ সক্ৰিয় আগ্নেয়গিৰিৰ লাভাই পুতিলে বহু গাঁও৷ আগ্নেয়গিৰি উদ্গীৰণৰ ফলত নিৰ্গত ধোঁৱাই ছানি ধৰিলে আকাশ৷ মাউণ্ট ছেমেৰু আগ্নেয়িগিৰত এই উদ্গীৰণ।

আগ্নেয়গিৰিৰ ফলত প্ৰায় ১ কিলোমিটাৰ পৰ্যন্ত বৈ গ’ল উত্তপ্ত লাভা। প্ৰায় ৪০ হাজাৰ ফুট উচ্চতালৈ উৰে আগ্নেয়গিৰিৰ ধোঁৱা। আগ্নেয়গিৰি উদগীৰনৰ ফলত মৃত্যু হ’ল ১৩ জন লোকৰ। আহতৰ সংখ্যাও শতাধিক৷ হঠাৎ আগ্নেয়গিৰিৰ ধোঁৱাই আৱৰিলে আকাশ।

ইয়াৰ পিছতে বৃহত্তৰ অঞ্চলটোত বন্ধ হৈ পৰে বিমান সেৱা। বৰ্তমানলৈ ১৫শ লোকক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ।

Leave A Reply

Your email address will not be published.