danewsplus.com
danewsplus.com

১৯গৰাকী ব্যক্তিলৈ ৰাজ্য চৰকাৰৰ বিশেষ সন্মান

0 148

ডিজিটেল ডেস্ক: চৰকাৰে ৰাজ্যৰ ১৯গৰাকী ব্যক্তিক দিব বিশেষ সন্মান
‘অসম বৈভৱ’, ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’
অসম দিৱসৰ দিনা প্ৰদান কৰা হ’ব এই সন্মান

ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে অসামৰিক বঁটা দিয়াৰ কথা শনিবাৰে ঘোষণা কৰে৷ সৰ্বোচ্চ অসামৰিক সন্মান হ’ব ‘অসম বৈভৱ’৷ প্ৰতিবছৰে এগৰাকী ব্যক্তিক এই সন্মানেৰে সন্মানিত কৰা হ’ব৷ এই সন্মানৰ লগতে ৫ লাখ টকা আৰু চিকিৎসাৰ বাবে ২ লাখ টকাপৰ্যন্ত চৰকাৰে দিয়াৰ কথাও ঘোষণা কৰে৷ এইবাৰ এই সন্মান প্ৰদান কৰা হ’ব বিশিষ্ট উদ্যোগপতি ৰতন নৱেল টাটাক৷ অসামৰিক সন্মানৰ দ্বিতীয় সন্মান হৈছে ‘অসম সৌৰভ’৷ প্ৰতিবছৰে ৩জন ব্যক্তিক ‘অসম সৌৰভ’ সন্মানেৰে সন্মানিত কৰা হ’ব৷ এই বঁটা প্ৰাপকসকলে লাভ কৰিব ৪ লাখ টকা আৰু চিকিৎসা ব্যয়ৰ বাবে ৩ লাখ টকা৷ এইবাৰ ৫জন বিশেষ ব্যক্তিক এই সন্মানেৰে সন্মানিত কৰিব ৰাজ্য চৰকাৰে৷

নীল পৱন বৰুৱা প্ৰফেছৰ কমলেন্দু দেৱ ক্ৰ’ৰি
ডাঃ লক্ষ্মণন এছ
প্ৰফেছৰ দিপক চান্দ জৈন
লাভলীনা বৰগোহাঁই


এই সন্মানৰ তৃতীয় স্থানত আছে ‘অসম গৌৰৱ’৷ ৰাইজৰ হকে কাম কৰা বিশেষ ১৫জন লোকক প্ৰতি বছৰে এই সন্মানেৰে সন্মানিত কৰা হ’ব৷ এই সন্মাৰ লগত থাকিব নগদ ৩ লাখ টকা আৰু চিকিৎসা ব্যয়ৰ বাবে ৩ লাখ টকা৷ এইবাৰ ১৩গৰাকী বিশিষ্ট ব্যক্তিক এই সন্মানেৰে সন্মানিত কৰা হ’ব৷ তেওঁলোক

মুনীন্দ্ৰ নাথ ঙাটে
ডাঃ বসন্ত হাজৰিকা

আকাশ জ্যোতি গগৈ
মনোজ কুমাৰ বসুমতাৰী
খৰছিং তেৰং

ববী হাজৰিকা
হেমপ্ৰভা চুতীয়া
নমিতা কলিতা
বৰ্ণিতা মমিন
ধৰণিধৰ বড়ো
কৌশিক বৰুৱা
কল্পনা বড়ো
ডাঃ আছিফ ইকবাল

এইবাৰ ২০২২ চনৰ ২৪ জানুৱাৰীত এই বিশেষ ১৯গৰাকী ব্যক্তিক এই সন্মানেৰে সন্মানিত কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ যাৰ ব্যক্তিগত প্ৰতিভাই সমাজ উজলাই তোলাৰ লগতে মানুহৰ জীৱনত পোনপটীয়াভাৱে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে তেনে ব্যক্তিক প্ৰতিবছৰে ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই বিশেষ সন্মান৷ শনিবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

Leave A Reply

Your email address will not be published.