danewsplus.com
danewsplus.com

গ্ৰন্থপ্ৰেমীৰ বাবে সুখৱৰ! অহা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ‘অসম গ্ৰন্থমেলা’

0 134

ডিজিটেল ডেস্ক : অসম প্ৰকাশন পৰিষদ,সদৌ অসম প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এক যুটীয়া সংবাদমেলত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননীগোপাল মহন্তই ঘোষণা কৰে যে, ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ‘অসম গ্ৰন্থমেলা’ । চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা।

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু উত্তৰ-পূৱ গ্ৰন্থ মেলা সমিতিয়ে এইবাৰ যুটীয়াভাবে আয়োজন কৰিব লগা গ্ৰন্থমেলাৰ নতুন নাম হ’ব অসম গ্ৰন্থমেলা।

১২ দিনীয়াকৈ আৰম্ভ হ’বলগীয়া এই গ্ৰন্থমেলাত দেশীবিদেশী বহুকেইটা আগশাৰীৰ প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব ৷ উল্লেখনীয় যে, এই গ্ৰন্থ মেলাত বহুকেইখন নতুন গ্ৰন্থও প্ৰকাশ পাব। আয়োজক সমিতিয়ে আশা কৰিছে যে, এই অসম গ্ৰন্থমেলাই গ্ৰন্থানুৰাগীৰ বিপুল সমাদৰ লাভ কৰিব৷

Leave A Reply

Your email address will not be published.