danewsplus.com
danewsplus.com

এনেকুৱা চিনেমা কৰিব নিবিচাৰো যাৰ বাবে ১০ বছৰ পাছত লজ্জিত হব লগা হয় : অভিনেতা ৰাম চৰণ

0 106

ডিজিটেল ডেস্ক: টলিউদৰ জনপ্ৰিয় অভিনেতা ৰাম চৰণে তেওঁ অভিনয়ৰ বাবে চিনেমা নিৰ্বাচন কৰা প্ৰক্ৰিয়াক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অভিনেতা গৰাকীয়ে তেওঁৰ প্ৰথম অভিনীত ছবি ‘চিৰুথা’-ৰ সময়ৰে পৰা অভিনয়ৰ পূর্বেই চিনেমা নিৰ্বাচিত কৰি আহিছে বুলি মন্তব্য কৰে।

ৰাম চৰণে কয় যে, তেওঁ এনেধৰণৰ চিনেমাত অভিনয় কৰিব নিবিচাৰে যাৰ কাৰণে তেওঁ ১০ বছৰৰ পাছত লজ্জিত হ’ব লগা হয়। আৰু তেওঁ অভিনয়ৰ পূৰ্বে চিনেমা এখন নিৰ্বাচিত কৰাৰ ইয়েই একমাত্ৰ কাৰণ বুলি উল্লেখ কৰে ।

লগতে জনপ্ৰিয় অভিনেতা গৰাকীয়ে মন্তব্য কৰে যে, তেওঁ এনেধৰণৰ চৰিত্ৰৰ অভিনয় কৰিব বিচাৰে য’ত চৰিত্ৰটোৱে তেওঁক অভিনেতা হিচাপে প্ৰত্যাহ্বান জনাব পাৰে।

Leave A Reply

Your email address will not be published.