danewsplus.com
danewsplus.com

অন্ত পৰিল কালা গুণ্ডাৰ অধ্যায়!

0 182

ডিজিটেল ডেস্ক: অনিমেষ হত্যাৰ ৪৮ ঘণ্টা পাৰ নহ’ল৷ আক্ৰমণকাৰী কালা গুণ্ডা নিহত হ’ল দুৰ্ঘটনাত৷ আদালতৰ বিচাৰৰ পূৰ্বেই নিয়তিৰ যেন বিচাৰ হৈ গ’ল৷ অন্ত পৰিল যোৰহাটৰ ত্ৰাস কালাৰ জীৱন৷ সকলো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে৷ ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাত জড়িত কালাৰ মৃত্যুও তেনে এক বিপৰীতমুখী প্ৰতিক্ৰিয়া৷ নিউটন আৱিষ্কৃত গতিৰ তৃতীয় সূত্ৰ উল্লেখ কৰি বিশেষ DGP জি পি সিঙে বিশ্লেষণ কৰিলে কালাৰ মৃত্যুক

৪৮ ঘণ্টাৰ ভিতৰতেই যেন বিচাৰ শেষ
অনিমেষৰ হত্যাৰ মূল অভিযুক্তৰ ‘দুৰ্ঘটনা’ত মৃত্যু
কালাৰ মৃত্যুত যোৰহাটত আনন্দোল্লাস

যোৰহাটৰ এটা অতি ব্যস্ত অঞ্চলত কালাৰ নেতৃত্বত আক্ৰমণ চলিছিল নিৰীহ অনিমেষ ভূঞা আৰু মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তৰ ওপৰত৷


এই আক্ৰমণৰ পৰিণতি কি হ’ল সকলোৱে দেখিলে৷ কিন্তু নিয়তিৰ কি পৰিহাস৷ অনিমেষ হত্যাৰ ৪৮ ঘণ্টাৰ ভিতৰতেই মূল আক্ৰমণকাৰী কালাৰ মৃত্যু ঘটিল৷ আৰক্ষীৰ বক্তব্য অনুসৰি

আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াইছিল কালাই
পিছে পিছে অহা এছক’ৰ্টৰ গাড়ী উঠি গ’ল কালাৰ শৰীৰত
পুৱতি নিশা চিনামৰাৰ গাট্টানী ফেক্টৰীৰ সমীপত এই দুৰ্ঘটনা

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কালা ওৰফে নীৰজ দাসক JMCH লৈ যায় যদিও ইতিমধ্যে মৃত্যু ঘটে কালাৰ৷ কালাৰ মৃত্যুৰ সন্দৰ্ভত SDGP জি পি সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নিউটনৰ গতিৰ তৃতীয় সূত্ৰৰে৷

For Every Action, there is an equal and opposite reaction


কালা গুণ্ডাখ্যাত নীৰজৰ মৃত্যুত যেন বহুতৰ বাবে এটা উত্তৰ৷ উত্তৰৰ বাবে দীৰ্ঘ প্ৰতীক্ষাৰ প্ৰয়োজন নহ’ল৷ যি ন্যায়ৰ বাবে প্ৰতীক্ষা কৰিবলগীয়া হৈছে অভি-নীলৰ পিতৃ-মাতৃ, ডাঃ দেৱেন দত্তৰ পত্নী আৰু দেৱাশীষ গগৈৰ পৰিয়ালে৷ কালা গুণ্ডাৰ মৃত্যু নিয়তিৰ বিচাৰ বুলিয়েই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিভিন্নজনে৷ আৰক্ষীয়ে প্ৰকাশ কৰিলে ড্ৰাগ্ছৰ ঘাটি দেখুওৱাবৰ বাবে লৈ গৈছিল কালাক৷ আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰিছিল কালাই৷ এনে অৱস্থাতে এছক’ৰ্টৰ গাড়ী উঠি গ’ল কালাৰ শৰীৰত৷

দুৰ্ঘটনাত আহত হৈছে ৩জন আৰক্ষী

কালাৰ মৃত্যু যেন বহুতৰ বাবে স্বস্তিৰ নিশ্বাস হ’ল৷ অমিনেষসহ তিনিজনৰ ওপৰত চলোৱা নৃশংস আক্ৰমণৰ বাবেই হয়তো কালাৰ মৃত্যুৰ খবৰো আনন্দৰ বাৰ্তা হৈ পৰিল বহুতৰ বাবে৷ প্ৰকাশ্যে আনন্দ-স্ফুৰ্তিও কৰিলে বিভিন্নজনে৷ কালাৰ অধ্যায়ৰ অন্ত পৰিলেও অনিমেষ আৰু আন দুজন সতীৰ্থক আক্ৰমণ কৰা বাকীসকল আক্ৰমণকাৰীৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে দাবী কৰিলে সকলোৱে৷

Leave A Reply

Your email address will not be published.