danewsplus.com
danewsplus.com

স্পেইনত নিশ্চিত হৈছে অ’মাইক্ৰন ভেৰিয়েন্টৰ প্ৰথমটো ঘটনা

0 169

ডিজিটেল ডেস্ক: সোমবাৰে স্পেইনত এজন ব্যক্তিৰ দেহত ধৰা পৰে ক’ভিডৰ নতুন অ’মাইক্ৰন স্ট্ৰেইন। মাদ্ৰিদৰ গ্ৰেগৰিঅ’ মাৰানন চিকিৎসালয়ৰ মাইক্ৰ’বায়োলজী বিভাগে স্পেইনত ধৰা পৰা প্ৰথমটো ঘটনা নিশ্চিত কৰিছে।

এজন ভ্ৰমণকাৰীৰ দেহত ধৰা পৰিছিল এই ভেৰিয়েন্ট। দেওবাৰে দক্ষিণ আফ্ৰিকাৰ পৰা আমষ্টাৰডাম হৈ মাদ্ৰিদ বিমানবন্দৰত উপস্থিত হৈছিল এই ব্যক্তিজন। ৫১ বছৰীয়া ব্যক্তিজনৰ ক’ভিড পৰীক্ষা কৰাত,ক’ভিড পজিটিভ বুলি জানিব পৰা গৈছিল।

বিশ্ব স্বাস্থ্য সংস্থাই অ’মাইক্ৰনক “Variant of Concern” হিচাপে তালিকাভুক্ত কৰাৰ পিছতে বিশ্বৰ বহু দেশে এতিয়া দক্ষিণ আফ্ৰিকাৰ পৰা ভ্ৰমণ সীমিত কৰিছে।

Leave A Reply

Your email address will not be published.