danewsplus.com
danewsplus.com

“দৰ-দাম নকৰাৰ বাবেহে ভৰিছে দাম”-ৰণজিৎ দাস

0 130

বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জুই৷ জনসাধাৰণৰ হাহাকাৰ৷ পিছে যোগান মন্ত্ৰী উদাসীন৷ দৰ-দাম কৰিব নজনাৰ বাবেহে বোলে বেছি দামত কিনিবলগীয়া হৈছে জনতা৷

দৰ-দাম কৰিব নাজানে গ্ৰাহকে
দৰ-দাম কৰিব নজনা বাবেই বেছিকৈ ভৰিছে দাম
মূল্যবৃদ্ধি সন্দৰ্ভত যোগান মন্ত্ৰীৰ উদ্ভট মন্তব্য


যোগান মন্ত্ৰী ৰণজিৎ দাসৰ মন্তব্য দৰ-দাম নকৰাৰ বাবেহে মিঠাতেল ২২৫-২৩০ টকাকৈ কিনি খাবলগীয়া হৈছে৷ MRPৰ ওপৰত দৰ-দাম কৰিবলৈ আহ্বান জনালে যোগান মন্ত্ৰীয়ে৷ এটা বছৰৰ ভিতৰত প্ৰায় প্ৰতিবিধ সামগ্ৰী ৫০ৰ পৰা ১০০ শতাংশ মূল্যবৃদ্ধি হ’ল৷ চৰকাৰৰ নিয়ন্ত্ৰণত নাই বজাৰ৷ তাৰ পিছত জনসাধাৰণলৈ দোষ ঠেলিলে স্বয়ং যোগান মন্ত্ৰীয়ে৷

প্ৰতিবিধ অত্যাৱশীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিলে টাস্ক ফ’ৰ্চে৷ পিছে টাস্ক ফ’ৰ্চে নিৰ্ধাৰণ কৰি দিয়াৰ পিছতো দোকানী নাচোৰবান্দা৷ ইচ্ছা অনুযায়ীয়েই লৈছে দাম৷

পাইকাৰীয়ে দম কমালেহে খুচুৰা বিক্ৰেতাই দাম কমাব

বৰ্তমান খুচুৰা বজাৰত প্ৰতিকিলো আলুৰ দাম প্ৰায় ৩০ টকা, পিঁয়াজ ৫০ টকা, গাজৰ ১০০ টকা, বিলালী ৮০-১০০ টকা, বীন ১০০ টকা

এয়া সাধাৰণ ৰাইজে ক্ৰয় কৰা বজাৰৰ মূল্য৷ টাস্ক ফ’ৰ্চে বান্ধি দিয়া মূল্যৰ কোনো প্ৰভাৱেই নাই বজাৰত৷ ইয়াৰ অৰ্থ হৈছে ‘আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল’৷

Leave A Reply

Your email address will not be published.