danewsplus.com
danewsplus.com

খাদ্যৰসিকসকলৰ বাবে ভাল খবৰ! বজাৰত ওলাইছে সোণৰ বাৰ্গাৰ

0 595

ডিজিটেল ডেস্কঃ লুধিয়ানাস্থিত এজন ষ্ট্ৰীট ফুড বিক্ৰেতাৰ ষ্ট’লৰ ব্যয়বহুল নিৰামিষ বাৰ্গাৰৰ দৃশ্যই সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা। ‘বাবা জী বাৰ্গাৰ ৱালে’ৰ বাবাই সোণৰ প্ৰলেপেৰে প্ৰস্তুত কৰে বিশেষ বাৰ্গাৰ। এই বিশেষ বাৰ্গাৰৰ মূল্য ১০০০ টকা। ইয়াক আটাইতকৈ ব্যয়বহুল ষ্ট্ৰীট ফুড ভেজ গ’ল্ড বাৰ্গাৰ নামেৰে জনা গৈছে। কেৱল এয়াই নহয়, এই বাৰ্গাৰৰ সোৱাদ ল’বলৈ বিভিন্ন প্ৰান্তৰ খাদ্যৰসিকসকল ঢপলিয়াই অহাও দেখা গৈছে।

যদি গ্ৰাহকে এই ব্যয়বহুল বাৰ্গাৰৰ সোৱাদ বিনামূলীয়াকৈ ল’ব বিচাৰে, তেন্তে তেওঁলোকৰ বাবে আছে এটা বিশেষ চৰ্ত। উল্লেখ্য যে, কোনো লোকে ৫ মিনিটত বাৰ্গাৰটো খাই শেষ কৰিব লাগিব। যদি আপুনিও এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সফল হ’ব পাৰে তেতিয়া বাবাজীৰ পৰা লাভ কৰিব ফ্ৰী বাৰ্গাৰৰ লগতে নগদ ৯৯৯ টকা।

ফুড ব্লগিঙৰ ইউটিউৱ চেনেল ‘চাহি হেই’-ৰ এটা ভিডিঅ’ই পোহৰলৈ অনা বাবাজীৰ বিপণীখন এতিয়া দেশবাসীৰ বাবে এটা চিনাকী নাম। প্ৰায় ৫ লক্ষাধিক লোকে ইতিমধ্যে ভিজিট কৰিছে সেই বিশেষ ভিডিঅ’টো।

Leave A Reply

Your email address will not be published.