danewsplus.com
danewsplus.com

সাৱধান! মহানগৰীত অবাধ বিচৰণ অপহৰণকাৰীৰ

0 124

ডিজিটেল ডেস্ক: মহানগৰীত প্ৰতিদিনে বৃদ্ধি পাইছে অপহৰণৰ ঘটনা। শনিবাৰে গীতানগৰৰ আমাৰ পথত  দিন দুপৰতে ৯ বছৰীয়া এজনী কণমানিক ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকা পথত অপহৰণৰ চেষ্টা চলায় দুৰ্বৃত্তৰ দলে।

অপহৰণৰ অপচেষ্টা কৰাৰ সময়ত কণমানিজনীয়ে হাতত কামোৰ মাৰি চিঞৰ-বাখৰ কৰাত সৌভাগ্যক্ৰমে অপহৰণৰ পৰা ৰক্ষা পৰে।তদুপৰি দুৰ্বৃত্তৰ দলটোৱে দ্বিতীয় বাৰৰ বাবে অপহৰণৰ চেষ্টা চলাওঁতে কণমানিজনীয়ে  শিল দলিয়াই নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়।লগে ঘটনাস্থলীৰ পৰা বাহনখন লৈ দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে।  বগা ৰঙৰ এখন মাৰুতী ভান লৈ আহিছিল দুৰ্বৃত্তৰ দলটো। কণমানিজনীয়ে বাহনখনৰ ভিতৰত  তিনি জনীয়া দুৰ্বৃত্তৰ দলৰ লগতে বগা ৰঙৰ কাপোৰ পৰিধান কৰা আন এটি কণমানিক দেখা পাইছিল। CCTV ত বন্দী হৈছে বাহন খনৰ দৃশ্য। 

উল্লেখ্য যে, দুদিন পূৰ্বে বাইক লৈ অহা এটা দুৰ্বৃত্তৰ দলে আন এগৰাকী কণমানিক অপহৰণৰ চেষ্টা চলাইছিল। ইফালে ঘটনা সংঘটিত হোৱাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। 

Leave A Reply

Your email address will not be published.