danewsplus.com
danewsplus.com

পুনৰ ত্ৰাসৰ সৃষ্টি কৰিব নেকি ক’ভিডৰ নতুন ভেৰিয়েন্টে?

0 173

ডিজিটেল ডেস্ক: ক’ভিডৰ নতুন ভেৰিয়েন্ট বি.১.১.৫২৯ এ বিশ্বজুৰি পুনৰ সৃষ্টি কৰিছে আতংকৰ। বিজ্ঞানী, চিকিৎসক আৰু বিশ্ব স্বাস্থ্য সংস্থা এই ভেৰিয়েন্টটোক লৈ চিন্তিত হৈ পৰিছে।

এই সপ্তাহৰ আৰম্ভণিতে নতুন ভেৰিয়েন্টটো প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাৰ লোকৰ মাজত পোৱা গৈছিল। তাৰ পিছতেই  বটচৱানাকে ধৰি চুবুৰীয়া দেশবোৰলৈও এই ভেৰিয়েন্টটো বিয়পি পৰিছে। উল্লেখ্য যে, এই দেশসমূহত ভেকচিনৰ দুয়োটা ড’জ লোৱা লোকসকলৰ মাজত ক’ভিডৰ এই নতুন ভেৰিয়েন্টৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে। দক্ষিণ আফ্ৰিকাত বৰ্তমানলৈকে নতুন ভেৰিয়েন্টটো  ১০০ ৰো অধিক লোকৰ মাজত সংক্ৰমিত হোৱা দেখা গৈছে। ইতিমধ্যে হংকঙটো দক্ষিণ আফ্ৰিকাৰ পৰা অহা দুগৰাকী যাত্ৰী সংক্ৰমিত হৈছে এই ভাইৰাছত।

গৱেষকসকলৰ মতে, বি.১.১.৫২৯ ভেৰিয়েন্টটো পূৰ্বৰভেৰিয়েন্টৰ লগত সংযোজন হৈ কিছু নতুন লক্ষণৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এই ভেৰিয়েন্টটো ভেকচিনৰ দুয়োটা ড’জ লোৱা লোকসকলৰ মাজত অধিকভাৱে সংক্ৰমণ হোৱা দেখিবলৈ পোৱা গৈছে। গৱেষকসকলে এতিয়াও নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে যে এই ভেৰিয়েন্টটো আগৰ ভেৰিয়েন্টসমূহতকৈ অধিক ভয়াবহ আৰু সংক্ৰমণাত্মক হ’ব নেকি?

বৰ্তমানলৈকে এই ভেৰিয়েন্টটো দক্ষিণ আফ্ৰিকাত অস্বাভাৱিকভাৱে সংক্ৰমিত হৈছে। দক্ষিণ আফ্ৰিকাৰ জৈৱ-তথ্য বিজ্ঞানৰ অধ্যাপক টুলিঅ ডি অলিভিয়েৰাৰ মতে, এই নতুন ভেৰিয়েন্টটো পূৰ্বৱৰ্তী ভেৰিয়েন্টবোৰতকৈ স্পষ্টভাৱে বহুত বেলেগ।
ইউকে , ছিংগাপুৰ আৰু ইজৰাইল চৰকাৰে দক্ষিণ আফ্ৰিকা, বটচৱানা আৰু আন চাৰিখন আফ্ৰিকাৰ ৰাষ্ট্ৰৰ পৰা বিমান চলাচল বন্ধ কৰি দিছে। জাৰ্মানী আৰু ইটালীয়েও দক্ষিণ আফ্ৰিকাৰ পৰা বেছিভাগ ভ্ৰমণ নিষিদ্ধ কৰিছে।ইতিমধ্যে ভাৰত কেন্দ্ৰীয় মন্ত্ৰালয়ে এই তিনিখন দেশৰ পৰা অহা যাত্ৰীসকলৰ স্ক্ৰীণিং তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে।

Leave A Reply

Your email address will not be published.