danewsplus.com
danewsplus.com

২৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব নিমাতী মাজুলী দলং নিৰ্মাণৰ কাম

0 197

ডিজিটেল ডেস্ক: শুকুৰবাৰে মাজুলীৰ মাজুলী-নিমাতী দলংঙৰ নিৰ্মাণস্থলীত উপস্থিত হয় বিত্তমন্ত্ৰী অজন্তা নেওগ। মন্ত্ৰীগৰাকীয়ে দলঙৰ কাম কাজ পৰিদৰ্শন কৰে। 

দক্ষিণপাটৰ নিৰ্মাণস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ২৯ নৱেম্বৰত মাজুলী দক্ষিণপাটত প্ৰথমটো খুটাত শিল, বালি, ৰড পৰাৰ কথা উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাও সেই কাৰ্যসূচীত উপস্থিত থকাৰ কথা প্ৰকাশ কৰে। 

ইফালে বিত্ত মন্ত্রী অজন্তা নেওগে নিৰ্ধাৰিত সময়সীমাৰ আগতে মাজুলী যোৰহাট সংযোগী দলংৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰিব বুলি প্ৰকাশ কৰে। লগতে ভূমি অধিগ্রহণৰ লগতে আনুসংগিক কামৰ বাবে নিৰ্ধাৰিত পূজি ইতিমধ্যে জিলা উপায়ুক্ত লৈ মুকলি কৰি দিয়াৰ কথাও সদৰি কৰে। বিত্তমন্ত্ৰীগৰাকীৰ লগত উপস্থিত মাজুলীৰ অভিভাৱক মন্ত্রী বিমল বড়া আৰু সাংসদ প্ৰদান বৰুৱা।

Leave A Reply

Your email address will not be published.