danewsplus.com
danewsplus.com

আম্পায়াৰৰ সৈতে বিবাদ ৰাহুল স্বাহাৰ , দলিয়ালে ছানগ্লাছ

0 165


ডিজিটেল ডেস্কঃদক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ক্ৰিকেট শৃংখলাত ভাৰতৰ এ দলত স্থান পাইছিল মুম্বাই ইণ্ডিয়ানছৰ স্পিনাৰ ৰাহুল চাহাৰে । কিন্তু ভাৰত এ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন অনানুষ্ঠানিক টেষ্ট মেচত চাহাৰে নিৰাশ কৰে বি.চি.চি.আইৰ নিৰ্বাচকসকলক। খেলখনৰ প্ৰথম ইনিংছত ৰাহুলে মাত্ৰ এটা উইকেট দখল কৰি ২৮.৩ অভাৰত ১২৫ ৰান দিয়ে। ইণ্টাৰনেটত ব্যাপকভাৱে প্ৰচাৰ পাইছে খেলখনত সংঘটিত এক ঘটনাই।

ঘটনা অনুসৰি দক্ষিণ আফ্ৰিকা এ’ৰ ইনিংছৰ ১২৮তম অভাৰত চিনেথেম্বা কেচিলে বেটিং কৰি আছিল । অভাৰৰ চতুৰ্থটো বলত কেচিলৰ বিৰুদ্ধে এলবিডব্লিউৰ আবেদন কৰে চাহাৰে । কিন্তু আম্পায়াৰে তেঁওৰ আবেদন অস্বীকাৰ কৰে। পিছত চানগ্লাছ মাটিত দলিয়াই আম্পায়াৰৰ সৈতে এক উত্তপ্ত আলোচনাত লিপ্ত হয় চাহাৰ। বৰ্তমান সমগ্ৰ বিশ্বতে চাহাৰৰ এই কাণ্ড চৰ্চিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.