danewsplus.com
danewsplus.com

৪৬ বছৰীয়া হ’ল জনপ্ৰিয় কণ্ঠশিল্পী পাপন

0 158

ডিজিটেল ডেস্কঃ পাপন, প্ৰতিগৰাকী সংগীতানুৰাগীৰ এক চিনাকী নামI জলীউডৰ পৰা বলীউডলৈ কাৰোবাৰ বাবে হৃদস্পদন,আন কাৰোবাৰ বাবে আদৰ্শ তেওঁI আজি অসমৰ সংগীত জগতৰ ভোটাতৰা পাপনৰ ওপজা দিন। বিহু সম্ৰাট প্ৰয়াত খগেন মহন্ত আৰু সুকণ্ঠি গায়িকা অৰ্চনা মহন্তৰ সুসন্তান অংগৰাগ পাপন মহন্তই আজি ভৰি দিলে ৪৬ বৰ্ষত। ১৯৭৫ চনৰ আজিৰ দিনটোতে গুৱাহাটীত জন্মগ্ৰহণ কৰা পাপনে পিতৃ-মাতৃৰ সাংগীতিক যাত্ৰাৰ সান্নিধ্য লাভ কৰি সৰুৰে পৰাই কৰিছিল সংগীতৰ চৰ্চা।

May be an image of 1 person and text that says "Da NEWS PLUS ৪৬ বছবীয়া হ'ল জনপ্রিয় কথশিল্পী পাপন জন্মদিনত PAPON LIVE LIVE আজি বিয়লি ৬.৩০ বজাত Da NEWS PLUSত f facebook.com/danewsplus/ danewsplus.com"


১৯৮৮ চনত অসমীয়া গীত “গানটো যে গাই আছিলা”ৰে আৰম্ভ পাপনৰ সংগীতৰ যাত্ৰা ২০০৪ চনত পাপনে আগবঢ়ায় প্ৰথমটো গীতৰ এলবাম “জোনাকী ৰাতি”

লোকসংগীতৰ প্ৰতি বাৰুকৈয়ে দুবৰ্লতা থকা পাপনে অসমৰ বিহু,টোকাৰী গীত আদিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ দীৰ্ঘসময় ধৰি চেষ্টা চলাই আহিছে। এইক্ষেত্ৰত পাপন যথেষ্ট সফলো হৈছে। সাত সাগৰ তেৰ নদীৰে সিপাৰেও অসমৰ বিহু পৰিৱেশন কৰি পাপনে নচুৱাই আহিছে বিদেশী সকলক। গুৱাহাটীৰ নিগাজীপামস্থিত পাপনৰ বাসগৃহৰ পৰাই পিতৃ খগেন মহন্ত আৰু মাতৃ অৰ্চনা মহন্তৰ সৈতে নিজৰ শিল্পকৰ্মৰ চৰ্চা কৰে পাপনে। পিতৃ-মাতৃৰ বিয়োগৰ পিছত পাপন এতিয়া বেছিভাগ সময় মুম্বাইতে ব্যস্ত। তথাপি অসমত থকা সংগীতশিল্পীগৰাকীৰ অজশ্ৰ অনুৰাগীয়ে আজিৰ এই বিশেষ দিনটো ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে। পাপনৰ ওপজা দিনটোত প্ৰতিৱেশী অলকা ভট্টাচাৰ্যইও Da News Plusৰ ৰোমন্থন কৰিলে পাপনৰ সৈতে থকা বহু স্মৃতি।

পাপনৰ ওপজাদিনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইও টুইটযোগে শিল্পীগৰাকীৰ সুস্বাস্থ্য,দীৰ্ঘায়ু কামনাৰে শুভকামনা জ্ঞাপন কৰে। এনেদৰেই সীমাহীন মৰম,শুভেচ্ছাৰে প্ৰিয় সংগীতশিল্পীগৰাকীক উপচাই পেলালে সহশ্ৰনুৰাগীয়ে। Da News Plusৰ তৰফৰ পৰা অসম গৌৰৱ অংগৰাগ পাপন মহন্তলৈ যাচিলো জন্মদিনৰ অফুৰন্ত শুভকামনা।

Leave A Reply

Your email address will not be published.