danewsplus.com
danewsplus.com

কফিন ব্যৱহাৰেৰে বিতৰ্কৰ শীৰ্ষত Bigg Boss 15

0 130


ডিজিটেল ডেস্ক: Bigg Boss 15-ৰ টুইটাৰ হেণ্ডেলে মঙলবাৰে এটা প্ৰ’ম’ টুইট কৰে আৰু শিৰোনাম দিয়ে, “Aaj #BB15 ke ghar mein chaayega elimination ka kala baadal. Kya gharwaale khud ke survival ke liye chadayenge rishton ka balidaan
প্ৰ’ম’টোত, তেজস্বী প্ৰকাশ, কৰণ কুন্দ্ৰা, শমিতা চেট্টীয়ে অন্যান্য প্ৰতিযোগীসকলৰ মাজৰ পৰা কাক বাহিৰ কৰা উচিত সেই সন্দৰ্ভত আলোচনা কৰা দেখা যায়। কৰণে নেহা ভাছিনক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰিব বিচাৰিছে কিয়নো নেহা এগৰাকী শক্তিশালী প্ৰতিযোগী। তাৰ প্ৰত্যুত্তৰত শমিতা চেট্টীয়ে কয় যে: “মই নেহা ভাছিনক যাবলৈ দিব নোৱাৰো।” ৰাজীৱ আদাতিয়াক কান্দি থকা দেখা যায়। আলোচনাৰ শেষত, প্ৰতিযোগীসকলক কফিনত ভৰাই প্ৰস্থান দুৱাৰৰ ফালে লৈ যোৱা দেখা যায়। প্ৰ’ম’টো প্ৰকাশ পোৱাৰ পিছতেই এতিয়া চছিয়েল মিডিয়াত বিভিন্নজনে কফিন ব্যৱহাৰৰ বিষয়ে কঠোৰ সমালোচনা কৰা দেখা গৈছে।

“মৃত্যু কোনো কৌতুক নহয়”: Bigg Boss15 ৰ এজন অনুৰাগীয়ে প্ৰ’ম’টোক তীব্ৰ সমালোচনা কৰি লিখিছিল: “মই সঁচাকৈয়ে কফিনৰ ধাৰণাটো ভাল পোৱা নাছিলো। ই মৃত্যুৰ সৈতে সম্পৰ্কিত। মৃত্যু এটা খেল নহয় আৰু মৃত্যু এটা কৌতুকো নহয়।”

এই প্ৰ’ম’টোৰ দ্বাৰা আঘাতপ্ৰাপ্ত আন এজন অনুৰাগীয়ে এইদৰে লিখিছিল: “ইয়াত কফিন ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা নাছিল। মৃত লোকসকলকহে কফিনত কঢ়িয়াই নিয়া হয়, এটা ৰিয়েলিটী শ্ব’ত কফিন ব্যৱহাৰ কৰাটো সচাঁই আক্ৰমণাত্মক।”

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে Bigg Boss15 ৰ নিৰ্মাতাসকলক এইবুলি প্ৰশ্ন কৰাও দেখা গৈছে যে “তেওঁলোকৰ সৃষ্টিশীলতাৰ অভাৱ হৈছে নেকি? ক’ভিড মহামাৰীয়ে সমগ্ৰ পৃথিৱীত জটিল ৰূপ লোৱাৰ পৰা সকলোৱে যথেষ্ট তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈছে আৰু এই পৰিস্থিতিৰ সম্পূৰ্ণ ওৰ নপৰোঁতেই Bigg boss ৰ নিৰ্মাতা সকলে কফিন ব্যৱহাৰ কৰাটো সচাঁই অসহ্যকৰ।”

কফিন ব্যৱহাৰ কৰি এতিয়া এনেদৰেই অনুৰাগীৰ মাজত বিতৰ্কৰ আওতাত সোমাই পৰিছে ৰাষ্ট্ৰীয় বহুল প্ৰচলিত টেলিভিছন ৰিয়েলিটী শ্ব’ Bigg Boss 15

Leave A Reply

Your email address will not be published.