danewsplus.com
danewsplus.com

আকৌ বিতৰ্কত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট

0 244

ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট। অভিনেত্ৰী গৰাকীয়ে কিছুদিন পূৰ্বে ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিৰুদ্ধে আপত্তি জনক মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰিছিল। ইয়াৰ পিছতেই অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল।

এই বিতৰ্কৰ ওৰ নপৰতেই আকৌ এক নতুন বিতৰ্কই খেদিছে অভিনেত্ৰী গৰাকীক। এইবাৰ কৃষি আইন বাতিল সন্দৰ্ভত কংগনাই ইনষ্টাগ্ৰামত কৰা এটা পোষ্টৰ বাবে পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিনৰ পূৰ্বে ৩খন কৃষি আইন বাতিল কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধীতা কৰি অভিনেত্ৰী গৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। কৃষক সকলৰ আন্দোলনক ‘খালিষ্টানি আন্দোলন’ আখ্যা দিছিল অভিনেত্ৰী গৰাকীয়ে।

ইয়াৰ পিছতেই কেইবাটাও দল সংগঠনে কংগনাৰ বিৰূদ্ধে সৰৱ হৈ পৰিছে। দিল্লী শীখ গুৰুদ্বাৰ সমিতি, যুৱ কংগ্ৰেছৰ সদস্য় আদিয়ে কংগনাৰ বিৰূদ্ধে ৰূজু কৰিছে গোচৰ।

Leave A Reply

Your email address will not be published.