danewsplus.com
danewsplus.com

পৰিভ্ৰমী পখীৰ কল-কাকলিত মুখৰ নাৰায়ণপুৰৰ ঐতিহাসিক বৰলা আৰু বুঢ়ী পুখুৰীৰ পাৰ

0 192

ডিজিটেল ডেস্কঃ শীতৰ আগমনৰ লগে লগে বিভিন্ন দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰে ভৰি পৰিছে অসমৰ নদ-নদী,বিল,জলাশয় সমূহ। একেদৰে লখিমপুৰ জিলাৰ নাৰায়ণপূৰৰ আৰিমত্ত ৰজাই খন্দোৱা বৰলা আৰু বুঢ়ী দুয়োটা ঐতিহাসিক পুখুৰীতো মুখৰিত হৈ পৰিছে আলহী পখীৰ কাকলিত।

বৰ্তমান চাকৈ চকুৱা, শৰালি, ডাউক, চুইকাজ, ধৃতৰাজ,বনৰীয়া পাতিহাঁহ,ঘিলাহাঁহ,পানীকাউৰী মাছৰোকা আদিৰ উপৰিও বিভিন্ন বিদেশী পখীৰ আগমনত দুয়োটা পুখুৰীক ৰূপান্তৰিত কৰিছে পক্ষীতীৰ্থলৈ।পক্ষী পৰ্যবেক্ষকসকলৰ মতে পুখুৰী দুটালৈ ১১বিধ পৰিভ্ৰমী পখীৰ লগতে ২৩ বিধ স্থানীয় পক্ষীৰ আগমন ঘটিছে। কিন্তু মানৱ জাতিৰ ভোগ বিলাসত সম্প্ৰতি ঐতিহাসিক পুখুৰীদুটা অস্তিত্বৰ সংকটত।

উল্লেখযোগ্য যে যোৱা বছৰৰ তুলনাত এইবাৰ পুখুৰী দুটাত আলহী পক্ষীৰ আগমন হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। আনহাতে নাৰায়ণৰপুৰৰ প্ৰকৃতিপ্ৰেমী লোক সকলে আৰিমত্ত ৰজাৰ দিনতে খন্দোৱা পুখুৰী দুটাক সংৰক্ষণ কৰি পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ দাবী জনায় আহিছিল যদিও আজিলৈকে চৰকাৰ তথা জিলা প্ৰশাসনে একো ব্যৱস্থা নকৰিলে। ইয়াৰ পিছতো প্ৰতি বছৰে শীতৰ সময়ছোৱাত দিন ৰাতি একাকাৰ কৰি পুখুৰী দুটাক প্ৰাণৱন্ত কৰি তোলে পৰিভ্ৰমী পক্ষীৰ কাকলিয়ে।

Leave A Reply

Your email address will not be published.