danewsplus.com
danewsplus.com

মহাকাশত আৱিষ্কাৰ ৮টা বিৰল নক্ষত্ৰ, গৱেষণাৰ নেতৃত্বত অসম কন্যা বৰ্ণালী দাস

0 165

ডিজিটেল ডেক্সঃ অসম কন্যা বৰ্ণালী দাস আৰু অধ্যাপক পুনম চন্দ্ৰৰ নেতৃত্বত পুনেস্থিত ‘নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰোফিজিক্স (এন.চি.আৰ.এ)ৰ জ্যোতিৰ্বিজ্ঞানীসকলৰ এটা দলে শেহতীয়াকৈ এক বিৰল শ্ৰেণীৰ ৰেডিঅ’ তৰা (এম.আৰ.পি) আৱিষ্কাৰ কৰিছে। যাৰ বাবে উন্নত জায়ান্ট মিটাৰৱেভ ৰেডিঅ’ টেলিস্কোপ (uGMRT) ব্যৱহাৰ কৰিছে। এই তৰাবোৰ অস্বাভাৱিকভাৱে শক্তিশালী চুম্বকীয় ক্ষেত্ৰ আৰু অধিক শক্তিশালী নক্ষত্ৰীয় বতাহৰ দ্বাৰা গঠিত। যিবোৰ সূৰ্যতকৈও উত্তপ্ত।

পি.টি.আই ৰ প্ৰতিবেদন অনুসৰি আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান এন.চি.আৰ.এ-ই কয়, ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীসকলে পুনেস্থিত জি.এম.আৰ.টি ৰ দ্বাৰা ‘এম.আৰ.পি’ বা মুখ্য ক্ৰমৰেডিঅ’ পাল্চ এমিটাৰ নামৰ এক বিৰল শ্ৰেণীৰ আঠটা তৰা আৱিষ্কাৰ কৰিছে। এই আৱিষ্কাৰবোৰ জি.এম.আৰ.টি ৰ সৈতে চলি থকা এক জৰীপৰ ফল, যাক বিশেষভাৱে এম.আৰ.পি ৰ ৰহস্য সমাধানৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছে বুলি বিবৃতিটোৰ জৰিয়তে কোৱা হৈছে। 2000 চনত আৱিষ্কাৰ হৈছিল প্ৰথম এম.আৰ.পিৰ। কেৱল উন্নত জি.এম.আৰ.টি ৰ উচ্চ সংবেদনশীলতাৰ বাবে শেহতীয়া বছৰবোৰত এনে তৰাৰ আৱিষ্কাৰ সংখ্যা একাধিকবাৰ বৃদ্ধি পাইছে।

শ্ৰীমতী দাস অসমৰ বজালী জিলাৰ বাসিন্দা। তেওঁ পূৰ্বতে পুনেৰ নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰোফিজিক্সৰ এগৰাকী ইন্টাৰ্ন হিচাপে কাম কৰিছিল। বৰ্তমান তেওঁ পুনেৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ (TIFR)ৰ নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰোফিজিক্সৰ এগৰাকী গৱেষণা পণ্ডিত।

Leave A Reply

Your email address will not be published.