danewsplus.com
danewsplus.com

ফেচবুক প্ৰেমৰ কৰুণ পৰিণতি! প্ৰেমিকাই প্ৰেমিকলৈ দলিয়ালে এচিদ

0 351

ডিজিটেল ডেস্ক: এগৰাকী ৩৫ বছৰীয়া বিবাহিত মহিলাই ২৭ বছৰীয়া অনলাইন প্ৰেমিকৰ গালৈ দলিয়ালে এচিদ। মহিলাগৰাকীয়ে আগবঢ়োৱা বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰা পাছতেই প্রেমিকলৈ লক্ষ্য কৰি নিক্ষেপ কৰে এচিদ । এই ঘটনাটো সংঘটিত হৈছে কেৰেলাৰ ইদুক্কি জিলাত।

ইতিমধ্যে চিচিটিভি ফুটেজৰ আধাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৃত মহিলাগৰাকীক। আৰক্ষীয়ে মন্তব্য কৰা অনুসৰি, মাত্ৰ দুবছৰ আগেয়ে অৰুণ কুমাৰ আৰু চিবা নামৰ মহিলগৰাকী ফেচবুকৰ জৰিয়তে চিনা-পৰিচয় হৈছিল। আৰু দুয়োৰে মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কথা-বাৰ্তাৰ পাছতে সম্বন্ধ দৃঢ় হৈ পৰিছিল আৰু অৰুণ কুমাৰে মহিলাগৰাকীক বিবাহৰ প্ৰস্তাৱ দিছিল।

দুয়ো বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছমূহুৰ্ততে অৰুণে মহিলাগৰাকী বিবাহিত তথা দুটি সন্তানৰ মাতৃ বুলি জ্ঞাত হোৱাত মহিলাগৰাকীৰে বিবাহৰ সিদ্ধান্ত নাকচ কৰে । ইয়াৰ পাছতেই এচিদ আক্ৰমণৰ বলি হয় প্ৰেমিক অৰুণ কুমাৰ।

উক্ত এচিদ আক্ৰমণত অৰুণ কুমাৰে এটা চকুৰ দৃষ্টিশক্তি ক্ষমতা হেৰুৱাইছে। আৰু বৰ্তমান তেওঁ তিৰুৱন্তপুৰম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে।

Leave A Reply

Your email address will not be published.