danewsplus.com
danewsplus.com

ক্ৰিকেট প্ৰেমীৰ বাবে সুখৱৰ, IPL-2022 ছিজন অনুষ্ঠিত হ’ব ভাৰতত

0 175

ডিজিটেল ডেস্কঃ ক্ৰিকেট প্ৰেমী সকলৰ বাবে বিচিচিআই-ৰ পৰা আহিছে এক সুখৱৰ। বিচিচিআই- ৰ সম্পাদক জয় শ্বাহে ঘোষণা কৰিছে যে, ২০২২ চনৰ আইপিএলৰ ১৫ তম ছিজন এইবাৰ ভাৰততে অনুষ্ঠিত হ’ব সেয়া নিশ্চিত ।

লগতে সম্পাদক গৰাকীয়ে মন্তব্য কৰিছে যে, এইবাৰ আই পি এলৰ খেল সমূহ অতিকে আকৰ্ষণীয় হ’ব। কিয়নো এইবাৰ আইপিএলত দুটাকৈ নতুন দলৰ সংযোজন ঘটিব।

শ্বাহে মন্তব্য কৰে যে, আগন্তুক দিনত আহি থকা খেলুৱৈৰ মেগা নিলাম অনুষ্ঠানো অতি আকৰ্ষণীয় হ’ব আৰু দল সমূহত কি কি নতুন সংমিশ্ৰন হ’ব সেয়াও নিলামৰ পাছতেই দেখা পোৱা যাব।

উল্লেখনীয় যে,আই পি এলৰ পূৰ্বৰ দুটা ছিজন ক’ভিড পৰিস্থিতিৰ বাবে UAEত দৰ্শক অবিহনেই অনুষ্ঠিত হৈছিল।

Leave A Reply

Your email address will not be published.