danewsplus.com
danewsplus.com

অনলাইন গেম খেলাত বাধা! ঘৰ এৰি পলায়নৰ চেষ্টা একাদশ শ্ৰেণীৰ ছাত্ৰৰ

0 126

ডিজিটেল ডেস্ক : একাদশ শ্ৰেণীত অধ্যয়নৰত এজন ১৫ বছৰীয়া ছাত্ৰই অনলাইন গেম খেলিবলৈ নোপোৱাৰ বাবেই ঘৰ এৰি নেপাললৈ পলায়ন কৰাৰ পৰিকল্পনা কৰিছিল । অৱশ্যে আৰক্ষীয়ে ছাত্ৰ জনক কৰায়ত্ত কৰি তেওঁৰ পৰিকল্পনাক বিফল কৰে। এই ঘটনাটো হৈছে চেন্নাইৰ।

১৫ বছৰীয়া ছাত্ৰজনে ঘৰৰ পৰা প্ৰায় নগদ ৩৩ লাখ টকা আৰু বহু পৰিমাণৰ সোণৰ সা-সামগ্ৰী লৈ নেপাললৈ পলায়ন কৰাৰ বাবে চেষ্টা চলাইছিল। ছাত্ৰ গৰাকীৰ পিতৃ-মাতৃয়ে তেওঁক অনলাইন গেম খেলাত বাধা প্ৰদান কৰা বাবেই ঘটনাটো সংঘটিত হোৱাৰ মূল কাৰণ বুলি ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰিছে।

বিশেষকৈ ছাত্ৰ জনে অনলাইন ক্লাছ কৰিবৰ বাবে মাতৃৰ ফোন ব্যৱহাৰ কৰিছিল আৰু সেই সময়ছোৱাতে ছাত্ৰজন ক্ৰমান্বয়ে গেম্ খেলাত ব্যস্ত হৈ পৰিছিল। যাৰ বাবে ছাত্ৰ গৰাকীৰ মাতৃয়ে নিজ সন্তানক ফোন ব্যৱহাৰৰ বাবে কিছু নীতি-নিয়ম বান্ধি দিছিল। আৰু মাতৃৰ এনে কাৰুকাৰ্য্যত অসন্তুষ্ট হৈয়ে ছাত্ৰজনে ঘৰ এৰি পলায়ন কৰাৰ দৰে এক ঋণাত্মক সিধান্ত গ্ৰহণ কৰিছিল।

Leave A Reply

Your email address will not be published.