danewsplus.com
danewsplus.com

মৎস্য চিকাৰক লৈ উত্তেজনা,কাজিৰঙাত ১৪৪ ধাৰা জাৰি নগাঁও প্ৰশাসনৰ

0 614

ডিজিটেল ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিলত মাছ মৰাৰ ক্ষেত্ৰত প্ৰশাসনে আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷বৃহস্পতিবাৰে পুৱাই কলিয়াবৰৰ ৰাঙলুত প্ৰতিবাদত নামিল ৰাইজ ৷ পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ দিনা মাছ মাৰিব খুজিছিল ৰাইজে ৷

নগাঁও প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰাত প্ৰতিবাদত নামিল ৰাইজ ৷ জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰে প্ৰশাসনে ৷ নিষেধাজ্ঞা সত্বেও পুৱা মাছ মাৰিবলৈ ওলাই আহিল শ শ লোক ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে মোতায়েন কৰিলে আৰক্ষী বাহিনী আৰু ৪জনকৈ দণ্ডাধীশক ৷ ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যানজঁটৰ।

Leave A Reply

Your email address will not be published.